• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচল প্ৰদেশৰ মামঙ দাই আৰু ৰমেশ কুন্তল মেঘলৈ সাহিত্য একাডেমী বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2017 9:03 am
450
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ দুই সাহিত্যিক ক্ৰমে মামঙ দাই আৰু ৰমেশ কুন্তল মেঘলৈ তেওঁলোকৰ সাহিত্য কৃতিৰ বাবে এই বছৰৰ সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। মামঙ দাই এ তেওঁৰ ইংৰাজীত লিখা উপন্যাস ‘দা ব্লেক হিল’ ৰ বাবে এই বঁটা লাভ কৰাৰ বিপৰীতে হিন্দীত লিখা সাহিত্য সমালোচনামূলক গ্ৰন্থ ‘ বিশ্ব মিথাক চৰিত সাগৰ’ গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে।

২০১৪ চনত লিখা ‘দ্য ব্লেক হিল’ উপন্যাসখনৰ বাবে মামঙ দাই এ সাহিত্য একাডেমী বঁটা লাভ কৰিছে। ইয়াৰ আগেয়ে পদ্মশ্ৰী বঁটা লাভ কৰা দাই হৈছে ২৪ গৰাকী ঔপন্যাসিক,কবি আৰু চুটিগল্পৰ লিখকৰ মাজত এই বঁটা লাভ কৰা এগৰাকী সাহিত্যিক। তেওঁ ইংৰাজীৰ বাবে এই বঁটা লাভ কৰিছে।

আনহাতে, সাহিত্য সমালোচক ৰমেশ কুন্তল মেঘে হিন্দী শাখাত তেওঁৰ সমালোচনা সাহিত্যৰ গ্ৰন্থ ‘বিশ্ব মিথাক চৰিত সাগৰ’ ৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে প্ৰধান ভাৰতীয় ভাষাৰ সাহিত্যিকলৈ সাহিত্য একাডেমীয়ে এই বঁটা প্ৰদান কৰি আহিছে।

সাহিত্য একাডেমীৰ বঁটাটোত আছে একাডেমীৰ চিহ্ন খোদিত এখন তামৰ ফলক, এখন চাদৰ আৰু ১ লাখ টকাৰ নগদ ধনৰ উপহাৰ। বঁটা বিজয়ীসকলক অহা বছৰৰ ১২ ফেব্ৰুৱাৰীত বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব। একাডেমী বঁটা লাভ কৰা সাহিত্য কৃতিসমূহৰ মাজত আছে সাতখন উপন্যাস, পাঁচখনকৈ কবিতা, চুটিগল্প আৰু সাহিত্য সমালোচনাৰ গ্ৰন্থৰ লগতে এখনকৈ নাটক আৰু ৰচনা গ্ৰন্থ।

অৰুণাচল প্ৰদেশ সাহিত্য সভাৰ সভাপতি য়েচে দৰ্জি ঠংচিৰ নেতৃত্বত সভাৰ সদস্যসকলে ৰাজ্যখনৰ বাবে সন্মান কঢ়িয়াই অনাৰ বাবে অভিনন্দন জনায়।

২০০৫ চনত য়েচে দৰ্জি ঠংচিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰাৰ পিছত এই বঁটা লাভ কৰা দাই হৈছে দ্বিতীয়গৰাকী অৰুণাচলী সাহিত্যিক।

বৃহস্পতিবাৰে সাহিত্য একাডেমীয়ে ২০১৭ চনৰ বাবে বাৰ্ষিক একাডেমী বঁটাসমূহ ঘোষণা কৰিছে।

‘’ এই বঁটাৰ বাবে সংশ্লিষ্ট ভাষাৰ তিনিগৰাকী সদস্যৰ এক বিচাৰক মণ্ডলীৰ অনুমোদনৰ ভিত্তিত সাহিত্য একাডেমীয়ে নামসমূহ নিৰ্বাচন কৰে,’’- সাহিত্য একাডেমীৰ সচিব কে শ্ৰীনিৱাস ৰাৱে প্ৰকাশ কৰে।

 

Recent News

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd