অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ পৰা যোৱা স্কুলীয়া ছাত্ৰৰ দলে সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজুক

DVANRk2VoAAEON7

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ পৰা স্কুলীয়া ছাত্ৰৰ দলে বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজুক সাক্ষাৎ কৰে।

অৰুণাচল প্ৰদেশৰ কিবিথু জিলাৰ পৰা যোৱা ১৬ গৰাকী স্কুলীয়া ছাত্ৰৰ দলটোত ৮ গৰাকী ল’ৰা আৰু ৮ গৰাকী ছোৱালী আছিল।

তেওঁলোকে যোৱা ২৭ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে ভাৰতীয় সেনাৰ শিখ লাইট ইনফেন্ট্ৰিয়ে আয়োজন কৰা এক ৰাষ্ট্ৰীয় একতা যাত্ৰাত অংশগ্ৰহণ কৰিছে।

ছাত্ৰৰ দলটোৱে কনট প্লেচ, কুতুব মিনাৰ আৰু দিল্লীৰ মেট্ৰ’ পৰিদৰ্শন কৰিছে। দিল্লীৰ পিছতে তেওঁলোকে আগ্ৰা আৰু দেৰাদুন ভ্ৰমণ কৰিব।

কিৰেন ৰিজেজুৱে ছাত্ৰৰ দলটোক আদৰণি জনায় আৰু তেওঁলোকক শিক্ষাৰ ওপৰত মনোযোগ দিবলৈ আহ্বান জনায়। তেওঁ কয় যে কঠোৰ পৰিশ্ৰমৰ ফলতহে সফলতা আহে।

তেওঁ লগতে কয় যে ছাত্ৰসকলে সাহিত্যমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰা উচিত। ইয়াত জীৱনত সফলতাৰ বাবে প্ৰয়োজনীয় প্ৰত্যয় লাভ কৰিব পাৰি।

বৃহস্পতিবাৰেই মিজোৰামৰ চাম্ফাই আৰু দাঁতি কাষৰীয়া অঞ্চলৰ পৰা যোৱা আন এটি ১৬ জনীয়া ছাত্ৰৰ দলেও কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে।

তেওঁলোকে আছাম ৰাইফলছে যোৱা ২১ জানুৱাৰীৰ পৰা আৰম্ভ কৰা ৰাষ্ট্ৰীয় একতা যাত্ৰাত অংশ লৈছে। এই ভ্ৰমণৰ সময়ছোৱাত ছাত্ৰৰ দলটোৱে লালকিল্লা, জামা মছজিদ, সংসদ ভৱন, কনট প্লেচ, কুতুব মিনাৰ আৰু দিল্লী মেট্ৰ’ আদি পৰিদৰ্শন কৰে।

এই ছাত্ৰৰ দলটোৱে গণতন্ত্ৰ দিৱসৰ পেৰেডো প্ৰত্যক্ষ কৰে আৰু ভ্ৰমণৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰে।

ছাত্ৰৰ দলটোক আদৰণি জনাই কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজুৱে মিজোৰামৰ দৰে ভিতৰুৱা অঞ্চলৰ ছাত্ৰৰ বাবে এনেধৰণৰ এক শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰাৰ বাবে আছাম ৰাইফলছৰ প্ৰশংসা কৰে।