জাতীয় অৰ্কিড উদ্যানৰ উচ্ছেদত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

kazirangaorchid_park

কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত চৰকাৰে চলাব খোজা উচ্ছেদত অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

অৰ্কিড উদ্যান সমবায় সমিতিৰ সাধাৰণ সম্পাদক ৰতন দাওৱে উচ্চ ন্যায়ালয়ত দাখিল কৰা ডব্লিউ পি চি ৮৩৮৪/১৮ নং লেখ আবেদনৰ ভিত্তিত উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই ৰায় দিয়ে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে চৰকাৰী পক্ষই জবাব নিদিয়া পৰ্য্যন্ত এই উচ্ছেদৰ নিৰ্দেশ স্থগিত থাকিব। এই সম্পৰ্কত অহা ২০ আগষ্টত উচ্চ ন্যায়ালয়ে পুনৰ শুনানি গ্ৰহণ কৰিব।

আজি উচ্চ ন্যায়ালয়ত কৃষক মুক্তিৰ হৈ বিশিষ্ট অধিবক্তা নিলয় দত্তই যুক্তি দৰ্শাইছিল, তেওঁক সহায় কৰিছিল জ্যেষ্ঠ অধিবক্তা এন এন বি চৌধুৰী আৰু শান্তনু বৰঠাকুৰে।

ইতিপূৰ্বে চৰকাৰৰ দ্বাৰা যোৱা ৫ জুলাইত অৰ্কিড উদ্যানখনে ৬ বিঘা মাটি বেআইনীভাৱে দখল কৰা বুলি উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ পিছৰে পৰা ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াত শংকিত হৈ পৰা বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম পানগিয়কে ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থা  বিভাগৰ সচিবলৈ অৰ্কিড উদ্যানত উচ্ছেদ কৰিলে আইন শৃংখলাজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰি এক আবেদন প্ৰেৰণ কৰিছিল।