অ’ এন জি চিয়ে পুৰস্কৃত কৰিলে অসম আৰক্ষীৰ জোৱানক

ONGCL-3

অ’ এন জি চিৰ শিৱসাগৰৰ নাজিৰাস্থিত অসম সম্পদৰ কাৰ্য্যালয়ে অসম আৰক্ষীৰ চাৰিজন জোৱানক তেওঁলোকে প্ৰতিষ্ঠানটোক কৰা সহায়-সমৰ্থনৰ বাবে ব্যক্তিগত উৎকৰ্ষ বঁটা (individual merit award) আগ বঢ়াইছে। এই বঁটা যোৱা গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিছিল প্ৰতিষ্ঠানটোৱে।

অ’ এন জি চি, নাজিৰাৰ এটা সূত্ৰই জনোৱা মতে এই বঁটা আগ বঢ়োৱা হৈছে তেওঁলোকৰ দৃষ্টান্তমূলক প্ৰদৰ্শন আৰু পেচাদাৰিত্বৰ বাবে। সূত্ৰটোৱে জনোৱামতে আৰক্ষী জোৱান ক্ৰমে ৰাতুল মহন (এছ পি অ’), পবিত্ৰ বৰুৱা (এছ পি অ’), বিতুল বৰা (এছ পি অ’)ক তেওঁলোকে চুৰি কাৰ্য্য ৰোধ কৰা তথা অ’ এন জি চিৰ হেৰোৱা সামগ্ৰী উদ্ধাৰত দেখুওৱা দক্ষতা আৰু পেচাদাৰিত্বৰ বাবে এই বঁটা দিয়া বুলি জানিব পৰা গৈছে।

আনহাতে নেমুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বুঢ়াগোহাঁইক ড্ৰিল ছাইটত ৰিগ স্থানান্তৰ কৰাত দক্ষতাৰে আগ বঢ়োৱা সহায়-সমৰ্থনৰ বাবে বঁটা দিয়া হৈছে। এই বঁটাত আছে উৎকৰ্ষ প্ৰমাণপত্ৰৰ লগতে প্ৰতিজনকে ১০ হাজাৰ টকাকৈ নগদ পুৰস্কাৰ দিয়া হৈছে।

তেওঁলোক আটাইকেইজনকে ৮ ফেব্ৰুৱাৰিত অ’ এন জি চিৰ শিৱসাগৰৰ চৌহদত আয়োজন কৰা এটা বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা দিয়া হয়। বঁটা প্ৰদান কৰে অসম সম্পদৰ সম্পদ মেনেজাৰ এছ ডি মাছকে।

 

বঁটা প্ৰদান অনুষ্ঠানটোত ভাষণ দি সম্পদ মেনেজাৰ এছ ডি মাছকেই আৰক্ষীৰ জোৱানকেইজনৰ প্ৰতি তেওঁৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰ, ৰাজ্যৰ অসামৰিক তথা আৰক্ষী প্ৰশাসনকো কৃতজ্ঞতা জনায়।

বিশেষকৈ তেওঁ চৰাইদেউ আৰু শিৱসাগৰ আৰক্ষী প্ৰশাসন তথা গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।