• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই লীগ টুৰ্ণামেণ্টত দুভৰিৰ যাদু দেখুৱাবৰ বাবে সাজু ছিকিম হিমালয়ান ফুটবল ক্লাব

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
June 12, 2018 12:30 pm
shsc-570x320
94
VIEWS
Share on FacebookShare on Twitter

ছিকিমৰ ফুটবল প্ৰেমীলৈ সুখবৰ। ছিকিম হিমালয়ান ফুটবল ক্লাবক ভাৰতৰ সন্মানীয় আই লীগ টুৰ্ণামেণ্টৰ অনুৰ্দ্ধ ১৩, অনুৰ্দ্ধ ১৫ আৰু অনুৰ্দ্ধ ১৮ বছৰৰ প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে মান্যতা প্ৰদান কৰিছে। ক্লাবটোক ফেডাৰেশ্যনে ২ ষ্টাৰ প্ৰদান কৰে।

একাডেমিক চাৰ্টিফিকেট প্ৰদান কৰা সন্দৰ্ভত ফেডাৰেশ্যনৰ বিষয়ববীয়াই অলপতে গেংটকলৈ আহি হিমালয়ান ক্লাব একাডেমিখনৰ বিভিন্ন সুবিধা অসুবিধা সম্পৰ্কে পৰিদৰ্শন কৰে আৰু ইয়াৰ পাছতে ফেডাৰেশ্যনৰ ফালৰ পৰা ক্লাবটোলৈ ই মেইলযোগে ভাল খবৰটো আহে।

ফেডাৰেশ্যনে ৬ জুনত প্ৰেৰণ কৰা ই মেইলত ক্লাবটোৱে মুঠ ১৭৫ পইণ্টেৰে ২ ষ্টাৰ পোৱা বুলি উল্লেখ কৰে। ফেডাৰেশ্যনৰ মান্যতা পোৱাত এতিয়া ক্লাবটোৱে আই লীগৰ সকলোবোৰ যুৱ লীগত অংশগ্ৰহণ কৰিব পাৰিব।

এই সন্দৰ্ভত ক্লাবটোৰ প্ৰতিষ্ঠাপক সভাপতি টেনজিং লামথাই কয় যে ছিকিমৰ স্থানীয় ফুটবল প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ বাবেই ২০১২ চনত এই ক্লাবটো প্ৰতিষ্ঠা কৰা হৈছিল।

প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে এই সন্দৰ্ভত আৰু কয় যে ফেডাৰেশ্যনে আয়োজন কৰা আই লীগৰ য়ুথ প্ৰতিযোগিতাসমূহত ক্লাবৰ খেলুৱৈসকলে দেশৰ বিভিন্ন প্ৰান্তত খেলিবলৈ সুযোগ পাব। আৰু ইয়াৰ ফলত ভৱিষ্যতে ছিকিমে বিভিন্ন প্ৰতিভাধৰ খেলুৱৈ লাভ কৰিবলৈ সক্ষম হব। যুৱ খেলুৱৈসকলৰ বিকাশৰ বাবে য়ুথ লীগসমূহত অংশগ্ৰহণ কৰাটো অতিশয় প্ৰযোজনীয় বুলি তেওঁ উল্লেখ কৰে।

‘এই সমূহ কাৰণতে আমাৰ ক্লাবে একাডেমিক মান্যতা বিচাৰি ফেডাৰেশ্যনৰ ওচৰ চাপিছিল। প্ৰথম প্ৰচেষ্টাতে ২ ষ্টাৰেৰে একাডেমিক মান্যতা পাবলৈ সক্ষম হোৱাত আমি অতিশয় আনন্দিত’। এইদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে লামথাই।

উল্লেখ্য যে ক্লাবটোক মাত্ৰ এবছৰৰ বাবেহে ফেডাৰেশ্যনে মান্যতা প্ৰদান কৰিছে। এই সন্দৰ্ভত লামথাই কয়, ‘ক্লাবৰ আন্তঃগাথনি উন্নয়ন তথা কাৰিকৰী সমস্যা সমূহ সমাধান কৰিবলৈ ফেডাৰেশ্যনে আমাক পৰামৰ্শ আগবঢ়াইছে। আমাৰ ক্লাবৰ মান্যতা যাতে অহা বছৰ বাতিল নহয় তাৰ বাবে আমি এই সমস্যা সমূহ সমাধান কৰাৰ প্ৰয়াস কৰিম’।

ছিকিম হিমালয়ান ফুটবল ক্লাবত ৫ ৰ পৰা ১৮ বছৰ বয়সৰ ৫০ গৰাকী খেলুৱৈয়ে হোষ্টেলতে থাকি ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তাৰোপৰি একাডেমিত নথকা বহু খেলুৱৈয়েও এই ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰে। ক্লাবৰ খেলুৱৈসকলে ৰাতিপুৱা গধূলি গাৰ্ডছ গ্ৰাউণ্ডত অনুশীলন কৰে।

আই লীগৰ আগন্তুক অনুৰ্দ্ধ ১৩, অনুৰ্দ্ধ ১৫ আৰু অনুৰ্দ্ধ ১৮ বছৰৰ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণৰ বাবে বাচনি শিবিৰৰো আয়োজন কৰিব বুলি প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত কয়।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd