NORTHEAST NOW (Assamese)

আই এছ এল : শুক্ৰবাৰে নৰ্থ-ইষ্ট য়ুনাইটেড বনাম কেৰালা ব্লাষ্টাৰ্ছ

December 14, 2017 9:55 pm · এন ই নাও নিউজ
Updated: December 14, 2017 10:10 pm

চলিত ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ত অহা শুক্ৰবাৰে কোচিৰ জৱহাৰলাল নেহৰু আন্তঃজাতিক ষ্টেডিয়ামত নৰ্থ-ইষ্ট য়ুনাইটেডে কেৰালা ব্লাষ্টাৰ্ছৰ মুখামুখি হ’ব।ইতিমধ্যে ৪ পইণ্ট অৰ্জন কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে কেৰালাৰ বিৰুদ্ধে জয়ী হ’ব পাৰিব বুলি দলটোৰ প্ৰশিক্ষক জোআৱ দি দিউছ যথেষ্ট আত্মবিশ্বাসী। আনহাতে দুজনকৈ মুখ্য খেলুৱৈ ৱেছ ব্ৰাউন আৰু ইয়ান হিয়ুম আঘাতজনিত কাৰণত ভাগ ল’ব নোৱাৰাৰ ফলত কেৰালা ব্লাষ্টাৰ্ছক যথেষ্ট চাপত থকা পৰিলক্ষিত হৈছে। অৱশ্যে দলটোত চি কে ভিনিথৰ প্ৰত্যাৱৰ্তনে কিছু উৎসাহ যোগোৱা দেখা গৈছে। এতিয়ালৈকে এক পইণ্টো গোটাবলৈ সক্ষম নোহোৱা বাবে কেৰালা দলটো নিজ গৃহ খেলপথাৰত যথেষ্ট চাপত থাকিব বুলি মন্তব্য কৰি নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক জোআৱ দি দিউছে কয় ‘ই আমাৰ বাবে এক ভাল সুযোগ’। অানহাতে কেৰালা ব্লাষ্টাৰ্ছৰ প্ৰশিক্ষক মিউলেছটীনে নৰ্থ-ইষ্ট য়ুনাইটেড যথেষ্ট শক্তিশালী বুলি উল্লেথ কৰি কয় যে কাইলৈৰ খেলখন তেওঁলোকৰ বাবে যথেষ্ট প্ৰত্যাহবানপূৰ্ণ হ’ব।

Related News