কমনৱেলথ গেমছ ২০২৬ৰ সপ্তম দিনটো ভাৰতৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱোজ্জ্বল দিন হিচাপে পৰিগণিত হৈছে। ট্ৰেক এণ্ড ফিল্ডৰ লগতে বক্সিং ৰিঙত ভাৰতীয় খেলুৱৈসকলে চমকপ্ৰদ প্ৰদৰ্শনেৰে পেৰা-এথলেটিকছত একেলগে সোণ আৰু ৰূপৰ অৰ্জন কৰাৰ লগতে বক্সিঙত অভিলেখসংখ্যক দহটা পদক নিশ্চিত কৰিছে।
পুৰুষৰ ১০০ মিটাৰ টি৪৭ ফাইনেলত ভাৰতীয় স্প্ৰিণ্টাৰ দিলীপ মহাদু গাভিত আৰু মহম্মদ বাছিলে ক্ৰমে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। দিলীপে অবিশ্বাস্য ক্ষীপ্ৰতাৰে দৌৰি মাত্ৰ ১০.৭১ ছেকেণ্ডত লক্ষ্যস্থান অতিক্ৰম কৰি নতুন গেমছ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। আনহাতে, বাছিলে ১০.৮৩ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক লাভ কৰে আৰু একেখন ইভেণ্টতে ভাৰতে প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰি এক বিৰল ইতিহাসৰ সৃষ্টি কৰে।
ইয়াৰ সমান্তৰালকৈ পুৰুষৰ লং জাম্প ফাইনেলত মুৰুলী শ্ৰীশংকৰে ৮.০৯ মিটাৰ জঁপিয়াই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। এই জয়েৰে তেওঁ কমনৱেলথ গেমছত দুটাকৈ লং জাম্পৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীট হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২২ চনতো তেওঁ এই শিতানত ৰূপৰ পদক পাইছিল। একেখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আন এগৰাকী ভাৰতীয় খেলুৱৈ লোকেশ সত্যানাথনে ৭.৯৭ মিটাৰ জঁপিয়াই পঞ্চম স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়।
সপ্তম দিনটোত ভাৰতীয় বক্সাৰসকলেও ৰিঙত আধিপত্য বিস্তাৰ কৰে। ছয়গৰাকী বক্সাৰে নিজৰ নিজৰ মেচত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতৰ বাবে অতি কমেও ব্ৰঞ্জৰ পদক নিশ্চিত হয়। মহিলাৰ ৫১ কিলোগ্ৰাম শাখাত সাক্ষী চৌধুৰী, ৫৭ কিলোগ্ৰাম শাখাত জেছমিন লাম্বোৰিয়া আৰু ৭০ কিলোগ্ৰাম শাখাত অৰুন্ধতী চৌধুৰীয়ে ছেমিফাইনেলত স্থান সুৰক্ষিত কৰে। একেদৰে পুৰুষৰ ৬০ কিলোগ্ৰাম শাখাত শচীন শিৱাচ, ৮০ কিলোগ্ৰাম শাখাত অংকুশ যাদৱ আৰু ৯০ কিলোগ্ৰাম শাখাত নৰেন্দ্ৰ বেৰোৱালে ছেমিফাইনেলত প্ৰৱেশ কৰে। এইবাৰৰ কমনৱেলথ গেমছত বক্সিঙত ভাৰতে সৰ্বমুঠ দহটা পদক নিশ্চিত কৰি এটা সংস্কৰণত সৰ্বাধিক পদক লাভৰ অভিলেখ গঢ়িছে।
আনহাতে, কেইবাগৰাকীও ভাৰতীয় খেলুৱৈয়ে সপ্তম দিনা অতি কম ব্যৱধানত পদকৰ পৰা বঞ্চিত হ’বলগীয়া হয়। মহিলাৰ শ্বট পুটৰ ফাইনেলত মনপ্ৰীত কৌৰে ১৭.৪৯ মিটাৰ দূৰত্বলৈ দলিয়াই ব্ৰঞ্জৰ পদকৰ দিশে আগবাঢ়িছিল যদিও শেষৰ ৰাউণ্ডত জামাইকাৰ খেলুৱৈগৰাকীয়ে ১৭.৮৭ মিটাৰ দলিওৱাত মনপ্ৰীত পদকৰ পৰা বঞ্চিত হৈ চতুৰ্থ স্থান লাভ কৰে। পেৰা ছুইমিঙৰ পুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল এছ৭ ফাইনেলত সূয়শ নাৰায়ণ যাদৱে মাত্ৰ ০.৩০ ছেকেণ্ডৰ ব্যৱধানত ব্ৰঞ্জৰ পদক হেৰুৱাই চতুৰ্থ স্থানত থাকে। ইয়াৰ উপৰি এছিয়ান গেমছৰ স্বৰ্ণজয়ী পাৰুল চৌধুৰীয়ে মহিলাৰ ৩০০০ মিটাৰ ষ্টিপলচেজত ৯:২৬.৭৫ সময়ৰে পঞ্চম স্থান, আৰু পেৰা ডিছকাছ থ্ৰ’ৰ এফ৪২-৪৪ আৰু এফ৬১-৬৪ শাখাত সাগৰ থায়াটে এছিয়ান ৰেকৰ্ড গঢ়িও ষষ্ঠ স্থান আৰু দেৱেন্দ্ৰ কুমাৰে সপ্তম স্থান লাভ কৰে। লন বলছত নয়নমণি শইকীয়াই মহিলাৰ একক শাখাত পোনপটীয়া ছেটত ১১-২ আৰু ৭-৪ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে নৱনীত সিং আৰু দীনেশ কুমাৰৰ যুটিয়ে নামিবিয়াৰ বিৰুদ্ধে জয় সাব্যস্ত কৰে।
বৰ্তমানলৈকে কমনৱেলথ গেমছত ভাৰতৰ আনুষ্ঠানিক পদকৰ সংখ্যা ১৫টালৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত তিনিটা সোণ, নটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক অন্তৰ্ভুক্ত হৈ আছে। আগন্তুক দিনত বক্সিঙৰ পৰা নিশ্চিত হোৱা পদকসমূহ আনুষ্ঠানিকভাৱে যোগ হ’লে ভাৰতৰ পদক তালিকাত এক বৃহৎ উত্থান ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে।





