আই পি এছ বিষয়া সংযুক্তা পৰাশৰলৈ ২০১৮ বৰ্ষৰ ‘ৰমণী গাভৰু বঁটা’

ips sanjukta parashar of assam

অসমৰ মহিলা আইপিএছ বিষয়া সংযুক্তা পৰাশৰলৈ আগবঢ়োৱা হৈছে ২০১৮ বৰ্ষৰ ৰমণী গাভৰু বঁটা।

নাজিৰাৰ ৫৮ তম সংখ্যক কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱ সমিতি আৰু আটাছু (All Assam Tai Ahom Students’ Union)ৰ শিৱসাগৰ জিলা সমিতিয়ে যুটীয়াভাৱে এই বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

মহিলা শীৰ্ষ আৰক্ষী বিষয়া হিচাপে অসমত বিশেষকৈ নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় ভাৰতীয় আৰক্ষী সেৱাৰ  ২০০৬ বৰ্ষৰ বিষয়াগৰাকী বৰ্তমান ভাৰত চৰকাৰৰ দায়িত্ববাহীৰূপে নতুন দিল্লীত কৰ্মৰত হৈ আছে।

২০১৭ চনৰ জানুৱাৰিৰ পৰা ভাৰত চৰকাৰৰ দায়িত্বত যোৱাৰ পূৰ্বে পৰাশৰে যোৰহাট (জানুৱাৰি, ২০১১-২০১৪ চন) আৰু শোণিতপুৰ (জানুৱাৰি, ২০১৪- আগষ্ট, ২০১৬ চন)ৰ আৰক্ষী অধীক্ষকৰূপে আৰু গুৱাহাটীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত (চেপ্তেম্বৰ, ২০১৬- ডিচেম্বৰ, ২০১৭ চন) কৰ্মৰত আছিল।