কোঁচ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আক্ৰাছুৰ নতুন সমিতি গঠন

আক্ৰাছু

অৱশেষত কোঁচ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আক্ৰাছুৰ দুটা গোটৰ একত্ৰীকৰণ সম্পন্ন হ’ল। আজি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত অনুষ্ঠিত আক্ৰাছুৰ এখন যৌথ প্ৰতিনিধি সভাৰ জৰিয়তে সংগঠনটোৰ প্ৰদীপ গোট আৰু হিতেশ গোট দুটা একত্ৰিত হৈ এখন নতুন সমিতি গঠন কৰে। উক্ত প্ৰতিনিধি সভাতে হিতেশ্বৰ বৰ্মনক উপদেষ্টা হিচাপে লৈ মুঠ ৫১ জনীয়া এখন সমিতি গঠন কৰা হয়। তাৰোপৰি অৰুণ ৰায়ক আক্ৰাছুৰ পৰৱৰ্তী দুইবছৰীয়া কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ লগতে গোকুল বৰ্মন নতুন কৈ গঠিত সমিতিখনৰ সম্পাদক ৰূপে নিৰ্বাচিত কৰে। আনহাতে নেতৃত্ব বাছনিক লৈ প্ৰতিনিধি সভা উত্তপ্ত হ’ব বুলি একাংশই সন্দেহ ব্যক্ত কৰাৰ বিপৰীতে  উক্ত সভাখন কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ অনুষ্ঠিত হৈ যায় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে দেওবাৰে ফকিৰাগ্ৰামৰ মইনাৰতলত যামিনী কুমাৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত আক্ৰাছুৰ দ্বিবাৰ্ষিক যৌথ অধিৱেশনত সংগঠনটোৰ দুয়োটা গোট একত্ৰিত হৈ পৃথক কমতাপুৰ ৰাজ্য দাবীৰে কমতাপুৰ উদ্ধাৰৰ বাবে ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছিল।