আগতীয়া সতর্ক বাণী অবিহনে পানী এৰি দিয়া সন্দৰ্ভত নীপকো কর্তৃপক্ষক মুখ্যমন্ত্রীৰ সকীয়নি

12-07-18 Lakhimpur- cm reviewing flood situation

লখিমপুৰত বান পৰিস্থিতিৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী সোণোৱাল

লখিমপুৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত জলসম্পদ মন্ত্রী কেশৱ মহন্তক লগত লৈ নীপকো, এন এইচ পি চি আৰু জিলা প্রশাসনৰ বিষয়াবর্গৰ উপস্থিতিত কৰা এক পর্যালোচনা বৈঠকত নীপকো কৰ্তৃপক্ষক পূর্বৰ ভুলৰ পৰিণতিত দুভোর্গৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দিয়ে।

নীপকোৰ ৰঙানদী প্রকল্পৰ বাবে লখিমপুৰ জিলাৰ অংশ বিশেষ বানৰ কবলত পৰাৰ লগতে ধন-জন হানি হোৱাৰ বিষয়ত কঠোৰ হৈছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল। আগতীয়া সতর্ক বাণী অবিহনে পানী এৰি দিয়াৰ ফলত ৰাইজ ক্ষতিৰ সন্মুখীন হৈ আহিছে যদিও কোনোদিনে প্রতিষ্ঠানটোৱে ক্ষতিপূৰণ আদায় দিয়া নাই।

নীপকোৰ বিৰুদ্ধে কঠোৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্রী সোণোৱালে আগতীয়া সতর্ক বাণী নিদিয়াকৈ পানী এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ বিস্তৰ এলেকা বানৰ কবলত পৰাৰ লগতে কেইবা লাখ লোক বানত ক্ষতিগ্রস্ত হ’বলগীয়া হোৱাৰ কথা সদৰী কৰে। মুখ্যমন্ত্রী সোণোৱালে নীপকো কর্তৃপক্ষক কয় যে ভৱিষ্যতে অতিৰিক্ত পানী এৰি দিবলগীয়া হ’লে আগতীয়াকৈ জিলা প্রশাসনক জনাব লাগিব। তেওঁ লগতে ভৱিষ্যতে ৰঙানদী প্রকল্পই পানী এৰি দিয়াৰ ফলত নামনিৰ অংশত হোৱা ক্ষয়-ক্ষতিৰ বাবদ ক্ষতিপূৰণ আদায় দিব লাগিব বুলিও স্পষ্ট কৰি দিয়ে।

তেওঁ নীপকো কর্তৃপক্ষক প্রশ্ন কৰে যে এটা বৃহৎ প্রকল্পই নামনিৰ অংশত কিয় পানী সংৰক্ষণৰ বাবে ৰির্জাভাৰ নির্মাণ নকৰিলে? অতিৰিক্ত পানী এৰি দিলে জমা কৰি ৰাখিবলৈ ৰিজার্ভাৰ নির্মাণ কৰিবলৈ নীপকোক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে।

বুধবাৰে নিশা ৭-১০ বজাত মুখ্যমন্ত্রীয়ে নাওবৈচাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি নাওবৈচাৰ বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে বানত ক্ষতিগ্রস্তক সংস্থাপনৰ আশ্বাস দিলেও বিগত ১৫ দিনে বানৰ কবলত থকা ৰাইজে মুখ্যমন্ত্রীৰ এনে আশ্বাসত পতিয়ন যাব পৰা নাই।

আনহাতে লখিমপুৰ জিলাৰ বান পৰিস্থিতি পর্যবেক্ষণৰ বাবে লখিমপুৰলৈ অহা  মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক লখিমপুৰৰ বান সমস্যাৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত বিভিন্ন সন্থা-সংগঠনে দাবী সম্বলিত স্মাৰক-পত্রৰে জিলাখনৰ সমস্যা সমাধানৰ দাবী জনায়। সদৌ লখিমপুৰ জিলা ছাত্র সন্থাই এই সন্দর্ভত এখন স্মাৰক-পত্র যোগে অভিযোগ তুলি উল্লেখ কৰে যে লখিমপুৰ জিলাৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ বাবে চৰকাৰ প্রশাসনক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজি পর্যন্ত এই সমস্যাসমূহৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নাই।