আগন্তুক লোকসভা নিৰ্বাচনলৈকে বিজেপিয়ে মিত্ৰতা অব্যাহত ৰাখিব অগপ-বিপিএফৰ সৈতে

amitshah

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ আৰু বিজেপি দলে একেলগে নে বেলেগে বেলেগ অৱতীৰ্ণ হ’ব -এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰি থকাৰ সময়তে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে স্পষ্ট কৰি দিয়ে যে পৰৱৰ্তী লোকসভা নিৰ্বাচন পৰ্য্যন্ত দলটোৱে ইয়াৰ মিত্ৰ অগপ আৰু বি পি এফৰ সৈতে মিত্ৰত্যা অব্যাহত ৰাখিব। আজি শ্বাহে দলৰ সাংগঠনিক সভাত অগপ-বিজেপিৰ মিত্ৰতা বাহাল ৰখা প্ৰসংগটো এই কথা জানিবলৈ দিয়ে।

এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সম্পাদক দিলীপ শইকীয়াই নৰ্থ-ইষ্ট নাওক কয়, ‘আগন্তুক লোকসভা নিৰ্বাচনলৈকে অগপ, বি পি এফৰ সৈতে মিত্ৰতা চলাই নিবৰ বাবে অমিত শ্বাহে সাংগঠনিক বৈঠকত আহ্বান জনাইছে।’

ইয়াৰোপৰি তেওঁ কয় ‘পঞ্চায়ত নিৰ্বাচনত দলৰ স্থিতি সন্দৰ্ভত অমিত শ্বাহে কোনো কথা উল্লেখ কৰা নাই। ৰাজ্যিক পৰ্য্যায়ত যি সিদ্ধান্ত লোৱা হয়, সেই অনুসৰিয়েই আমি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম।’

আনহাতে বিজেপিৰ সংবাদ সম্পৰ্ক বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি, ‘অমিত শ্বাহে আগন্তুক লোকসভা নিৰ্বাচনলৈকে সকলো পৰ্য্যায়তে অগপ-বিপিএফৰ সৈতে মিত্ৰতা ৰাখিবলৈ কৈছে। পঞ্চায়তৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব নে লগ লাগি কৰিব সেয়া ৰাজ্যিক বিজেপিয়ে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল’ব। লগতে লোকসভা নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতাপূৰ্ণভাৱে খেলিব নে নাই সেয়া পিছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব, কিন্তু মিত্ৰতাটো থাকিবই।’

লক্ষণীয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত মুঠ ৩০৩টা মণ্ডলৰ ২৯২-৯৩টা সমষ্টিত বিজেপি দলটোৱে অকলে যুঁজিব পৰাকৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বুলি কেইদিনমান পূৰ্বে এখন সংবাদ মেল সম্বোধন কৰি সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ঘোষণা কৰিছিল।

তদুপৰি আজি খানাপাৰাত অনুষ্ঠিত হোৱা বিজেপিৰ বুথ সভাপতিৰ সন্মিলনত অতুল বৰাৰ প্ৰতিচ্ছবিৰ সৈতে একোখন জৈৱিক পদ্ধতিৰে খেতি কৰাৰ আহ্বানসূচক কেলেণ্ডাৰ বিতৰণ কৰা দেখা গৈছিল। এই কেলেণ্ডাৰসমূহ প্ৰত্যেক বুথ সভাপতিয়ে নিজ বাসগৃহত ওলমাই ৰাখিব বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অমিত শ্বাহে আজিৰ বৈঠকত মিত্ৰধৰ্ম পালন কৰিবলৈ বিজেপিৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছে।