কণ্ঠশিল্পী অনামিকা দেৱী তালুকদাৰৰ ‘সুৰৰ আলিংগন’ উন্মোচন

আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হোৱা কণ্ঠশিল্পী অনামিকা দেবী তালুকদাৰৰ এটি আধুনিক শ্ৰাব্য গীতৰ এলবাম উন্মোচন কৰি ভাষণ প্ৰসংগত এই মন্তব্য কৰে কন্ঠশিল্পী ৰমেন বৰুৱাই। এই প্ৰসংগত তেওঁ কয় যে আগৰ গীত সমূহত যি মাদকতা বিচাৰি পোৱা গৈছিল সেই মাদকতা বৰ্তমানৰ গীত সমূহত বিচাৰি পোৱা নাযায়। আনহাতে আজিকালি কিছুসংখ্যক গায়কে অশ্লীল শব্দ প্ৰয়োগ কৰি অৰ্থহীন গীত পৰিবেশন কৰা বুলি উন্মোচনী অনুষ্ঠানত সদৰী কৰে।

তদুপৰি বৰুৱায় কিছুসংখ্যক গায়কে পৰিৱেশন কৰা গীতক বন্দুক(GUN) ৰ সৈতে তুলনা কৰি  এক তাচ্ছিল্যসূচক মন্তব্য আগবঢ়ায়।

তেওঁ বৰ্তমানৰ শ্ৰোতাসকলক লৈ মন্তব্য কৰি কয় যে বৰ্তমানো এচাম ব্যক্তি আছে যিসকলে নিজৰ কৰ্মস্থানৰ পৰা ঘৰলৈ উলটি আহি সন্ধ্যা সময়ত লতা মংগেছকাৰ, ভূপেন হাজৰিকাৰ গীতসমূহ আৰু গজল, শাস্ত্ৰীয় সংগীত ইত্যাদি শুনে।

লক্ষণীয় যে বৰ্তমান গীতসমূহ শুনাতকৈ চকুৰে চাব পৰা গীত বুলি এক তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়। এই প্ৰসংগত তেওঁ আজিকালিৰ গায়কসকলে মঞ্চৰ কাৰণে গীতসমূহ সজাই লোৱা বুলি কয়। তদুপৰি তেওঁ বৰ্তমানৰ শিল্পীসকলে মঞ্চত গীত পৰিবেশন কৰাতকৈ কথাহে বেছিকৈ কয় বুলি কটাক্ষ কৰে।

এই শ্ৰব্য চি ডি উন্মোচনী সভাত উপস্থিত থাকি বিখ্যাত সংগীতজ্ঞ জে পি দাসে অনামিকা দেৱী তালুকদাৰক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে পূৰ্বতে ৰেডিঅ’ত গীতবোৰ মানুহে শুনাৰ লগতে হৃদয়ংগম কৰে, কিন্তু আজিকালি গীত সমূহ মানুহে পকেটত ভৰাই লৈ ফুৰে। এই ক্ষেত্ৰত তেওঁ অনামিকা দেবীক ঘৰলৈ আলহী আহিলে চাহৰ সৈতে এখন শ্ৰাব্য কেছেটো দিবৰ বাবে ধেমেলীয়াসূচকভাৱে অনুৰোধ কৰে।

এই শ্ৰব্য চিডি উন্মোচন সভাত জেপি দাস, ৰমেন বৰুৱাকে কেন্দ্ৰ কৰি অনামিকা দেবীৰ সংগীতৰ গুৰু বিপুল বৰুৱা,  অঞ্জনজ্যোতি চৌধুৰী, সূৰ্য্য গোস্বামী, কুল বৰুৱা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি শ্ৰব্য চিডি খন উন্মোচন কৰাৰ লগতে কণ্ঠশিল্পী গৰাকীক আশিস প্ৰদান কৰে।

আজি উন্মোচন হোৱা আধুনিক গীতৰ শ্ৰব্য চিডি খনৰ নাম ‘সুৰৰ আলিঙ্গন’। চাৰু গোহাঁইৰ সোঁৱৰণত আৰ বি প্ৰডাকচনৰ নিবেদিত ৬ টা গীতত কণ্ঠদান কৰিছে কণ্ঠশিল্পী অনামিকা দেৱী তালুকদাৰে। এই ক্ষেত্ৰত কণ্ঠশিল্পীগৰাকীক সহযোগী কন্ঠশিল্পী হিচাপে সহায় কৰিছে জিণ্টী দাস আৰু ইভা প্ৰীতিয়ে। সংগীতৰ ক্ষেত্ৰত সহায় কৰিছে অনিৰুদ্ধ বৰুৱা, মানস হাজৰিকা, অমৰজ্যোতি ডেকা, অভিজিত বৰ্মন আৰু তপন দাসে।