আছুৰ বিহু কৰ্মশালাৰ সামৰণী: ৰঙালীক আদৰিবলৈ সাজু বিশ্বনাথৰ বালিচাংবাসী

IMG_20180410_161900

অসম অৰুণাচল সীমান্তবৰ্তী বিশ্বনাথৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনৰ ভূমি বালিচাঙত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম এক শক্তিশালী শাখা গোট বালিচাং শাখা ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা  ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা  বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আনুষ্ঠানিক ভাবে কালি সন্ধিয়া সামৰণি পৰে।

বালিচাং অঞ্চলৰ উঠি অহা প্ৰজন্মক আৰু ছাত্ৰ-ছাত্ৰীক বাপোটি সাহোন বিহুটিৰ বিহু নাচ আৰু ঢোল বাদনৰ প্ৰতি আকৃষ্ট কৰা লগতে, নীতি শৃংখলাৰে পৰিবেশন কৰাৰ যি ভাব ভংগিমা তাক শুদ্ধ ৰূপে উপস্থাপন কৰাৰ বাবে বালিচাং শাখা ছাত্ৰ সন্থাই বিগত বৰ্ষৰ পৰা যি বিহু কৰ্মশালা আয়োজন কৰিছে তাৰ বাবে ৰাইজে শলাগ লৈছে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি বালিচাঙত বৃহত্তৰ অসমীয়া জাতিৰ অংগস্বৰূপ কাৰ্বি, বড়ো, চাহ-জনগোষ্ঠী, নেপালী , মিচিং জনগোষ্ঠীৰ উপৰিও বহু কেইগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী ছাত্ৰীক লৈ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে।

যোৱা কালি বিয়লি ৩ বজাৰ পৰা পৰা আৰম্ভ হোৱা কৰ্মশালাৰ সামৰণি সভা খনৰ আঁত ধৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিন্টু বৰাই আৰু সভা খনত সভাপতিত্ব কৰে বালিচাঙৰ বিশিষ্ট সমাজ কৰ্মী হৰি প্ৰসাদ শৰ্মাই।

শতাধিক ৰাইজ, আই-মাতৃ লগতে প্ৰশিক্ষাৰ্থী সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মুখ্য অতিথি ৰূপে  সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীৰ লগতে উপস্থিত থাকে বালিচাঙৰ বিশিষ্ট সমাজকৰ্মী ৰত্নেশ্বৰ মহন্ত, কুশল বৰা, প্ৰভাত হাজৰিকা, সঞ্জীব নেৱাৰ, ৰাজু বৰুৱা, মহিলা নেত্ৰী নিজু শৰ্মা বৰা, শিক্ষক মুৰুলীধৰ চাহু, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আজমত শ্বেখ, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হেমন্ত সোনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লছমনবস্তি আঞ্চলিক সমিতিৰ সভাপতি বিষ্ণু হাজৰিকা আৰু ১০ দিনীয়া কৰ্মশালাৰ প্ৰশিক্ষক ৰূপে অহা পাভৈ বহ্নিমান বিহুৱা দ’লৰ প্ৰাক্তন দলপতি তথা শ্ৰেষ্ঠ ঢুলীয়া শান্তনু ভড়ালী, পাভৈ বহ্নিমান বিহুৱা দ’লৰ বাঁহী বাদক আৰু পেঁপুৱা মন্তুমণি বৰকটকী, যোৱা বৰ্ষৰ কৰ্মশালাৰ প্ৰশিক্ষক বিশ্বনাথৰ বড়িগাঁৱৰ বিহু কুঁৱৰী তৃষ্ণা দাস।

সভাত উপস্থিত অতিথিৰ লগতে ৰাইজে বালিচাং শাখা ছাত্ৰ সন্থাৰ এই পদক্ষেপক ভূয়ুসী প্ৰশংসা কৰাৰ লগতে এই কৰ্মশালাৰ জৰিয়তে বালিচাং অঞ্চলৰ নৱপ্ৰজন্মই বিহু নাচ আৰু ঢোল বাদনত অন্য এক মাত্ৰা লাভ কৰাৰ লগতে যথেষ্ট উপকৃত হোৱা বুলি বক্তব্য আগবঢ়ায়।

বালিচাং শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা পিংকু কানুয়ে শলাগৰ শৰাইত বিহু কৰ্মশালাখনত বালিচাংবাসী ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ অভূতপূৰ্ব সঁহাৰিক আৰু সভাত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।  আনহাতে, বালিচাং শাখা ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো মুকলি বিহুখন ১৩ আৰু ১৪ ব’হাগ, ২৭ আৰু ২৮ এপ্ৰিলত  অনুষ্ঠিত হ’ব বুলি জনায় শাখাৰ সভাপতি অৰ্পন বসুমতাৰী আৰু সাধাৰণ সম্পাদক সুশীল তাঁতীয়ে |