আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

PICST7661

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনখন আৰম্ভ হ’ব। ৰাজ্যপাল জগদীশ মুখীৰ ভাষণেৰে বাজেট অধিৱেশন আৰম্ভ কৰা হ’ব। সংবিধানৰ ১৭৬ (১) ধাৰা অনুসৰি ৰাজ্যপালগৰাকীয়ে আজি পুৱা সদনত ভাষণ ৰাখিব।

এইবাৰৰ বাজেট অধিৱেশন প্ৰায় দুমাহ ধৰি চলিব। অহা ৬ এপ্ৰিললৈ বৃদ্ধি কৰা অধিৱেশনত মুঠতে ২৪ দিন সদন বহিব।

বিত্ত বিভাগে ফ্ৰেব্ৰুৱাৰীৰ প্ৰথম ভাগতে বাজেট দাখিলৰ ক্ষেত্ৰত প্ৰস্তুত নোহোৱাৰ পৰিপ্ৰেক্ষিতত বাজেট দাখিল দিন ১২ মাৰ্চলৈকে পিছুৱাই দিয়া হৈছে।

বিধানসভা সচিবালয়ৰ সূত্ৰ অনুসৰি এইবাৰ বিধানসভাত উত্থাপনৰ বাবে ১৭ খন বিধেয়কৰ জাননী লাভ কৰা হৈছে।

এইবাৰ বাজেট অধিৱেশনত উত্থাপন হ’বলগীয়া বিধেয়কৰ ভিতৰত আছে অসম শিক্ষা (ভেন্সাৰ শিক্ষানুষ্ঠানৰ কৰ্মচাৰীৰ সেৱাৰ প্ৰাদেশিকীকৰণ) বিধেয়ক, অসম শিক্ষা( শিক্ষকৰ সেৱাৰ প্ৰাদেশিকীকৰণ আৰু শিক্ষানুষ্ঠানৰ পুনৰ্গঠন) বিধেয়ক, অসম মাদ্ৰাছা শিক্ষা (কৰ্মচাৰীৰ সেৱাৰ প্ৰাদেশিকীকৰণ আৰু মাদ্ৰাছাৰ পুনৰ্গঠন) বিধেয়ক, অসম বেচৰকাৰী শিক্ষানুষ্ঠান (মাচুল নিয়ন্ত্ৰন) বিধেয়ক, অসম বেচৰকাৰী শিক্ষানুষ্ঠান (নিয়ন্ত্ৰন আৰু পৰিচালনা) সংশোধনী বিধেয়ক, অসম যোগ পৰিষদ বিধেয়ক, বড়োলেণ্ড বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, অসম আবকাৰী সংশোধনী বিধেয়ক, অসম ৰাজ্যিক গৃহনিৰ্মাণ পৰিষদ সংশোধনী বিধেয়ক, জিএছটি সংশোধনী বিধেয়ককে ধৰি অন্যান্য বিধেয়ক।

বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এইবাৰ ‘মেম্বাৰ্ছ আৱাৰ’ শীৰ্ষক এটি নতুন কাৰ্যসূচীৰ আৰম্ভ কৰাৰ কথা সদৰি কৰিছে। এই কাৰ্যসূচীৰ অধীনত সদস্যসকলে নিজ নিজ সমষ্টিৰ সমস্যাসমূহ উত্থাপন কৰিব পাৰিব।

অধ্যক্ষৰ ‘স্পীকাৰ্ছ ইনিচিয়েটিভ’ কাৰ্যসূচীত এইবাৰ দুদিনীয়াকৈ শিক্ষা বিষয়কলৈ আলোচনাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, চৰকাৰক বিভিন্ন প্ৰশ্নৰে আৰু বিতৰ্ক উত্থাপন কৰি সদন উত্তপ্ত কৰি তোলাৰ বাবে সাজু হৈ উঠিছে বিৰোধী।

এন আৰচি উন্নীতকৰণ প্ৰসংগ, আইন শৃংখলাৰ অৱনতি, নাগা চুক্তি, ডিমা হাচাওৰ পৰিস্থিতিৰ প্ৰসংগ, কয়লা ছিণ্ডিকেটকে ধৰি বিভিন্ন বিষয়কলৈ বিৰোধীয়ে ৰণকৌশল প্ৰস্তুত কৰিছে।