আজিৰ পৰা তিনিদিনীয়াকৈ মেঘালয় বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মেঘালয় বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। এই তিনিদিনীয়া কাৰ্যসূচী চলিব আজি শুকুৰবাৰ, অহা বুধবাৰ আৰু বৃহস্পতিবাৰে। অধিৱেশনখন আৰম্ভ হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে বিৰোধী দল এন পি পি এ বিধানসভাৰ অধ্যক্ষ এ টি মণ্ডলক অপসাৰণৰ বাবে অনা প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিছে। এন পি পিৰ বিধায়ক জেমছ চাংমাই কয় যে প্ৰস্তাৱটো অনা হৈছিল অধ্যক্ষগৰাকীয়ে অধিৱেশনখন অনুষ্ঠিত কৰাত বিলম্ব কৰাৰ কাৰণে। এতিয়া পলমকৈ হ’লেও অধ্যক্ষগৰাকীয়ে অধিৱেশনখন আহ্বান কৰাৰ বাবে প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হৈছে। তেওঁ লগতে কয় যে বৃহস্পতিবাৰে বিৰোধী সদস্যসকলৰ সৈতে হোৱা অনানুষ্ঠানিক আলোচনাৰ পিছতে তেওঁ প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰে। বিৰোধী নেতা ডি ৰয়ে কয় যে সময় কম হোৱা বাবে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অনা প্ৰস্তাৱটো লৈ আগ বঢ়াটো অপ্ৰয়োজনীয় আছিল। ইয়াৰ আগেয়ে কালি সন্ধিয়া মুখ্যমন্ত্ৰীয়ে জনাইছিল যে অনাস্থা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা কথা তেওঁক জনোৱা হৈছে।

ইয়াৰ পূৰ্বে অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনাইছিল যে তেওঁৰ বিৰুদ্ধে অনা প্ৰস্তাৱটোৱে চৰকাৰখন ভাঙিব নোৱাৰে। তেওঁ কৈছিল যে তেওঁক যদি অঁতৰোৱা হয় তেতিয়াহ’লে এগৰাকী নতুন অধ্যক্ষ বাছনি কৰা হ’ব আৰু ইয়াৰ দ্বাৰা চৰকাৰখনৰ কোনো ক্ষতি নহয়। ‘অধ্যক্ষক অপসাৰণৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱ আৰু অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দুটা পৃথক বিষয়’— তেওঁ কয়।

অধ্যক্ষক অপসাৰণ কৰিলে কিছুমান বিধায়কৰ তেওঁলোকৰ পচন্দ মতে কোনো দলত যোগ দিয়াৰ ক্ষেত্ৰত অযোগ্যতাৰ পৰা ৰক্ষা পোৱাত সহায়ক হ’লহেঁতেন নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত অধ্যক্ষ মণ্ডলে কয় যে তেওঁক অপসাৰণ কৰিলেও দশম অনুসূচীৰ ব্যৱস্থাসমূহ একেদৰে চলি থাকিব। তেওঁৰ বিৰুদ্ধে বিৰোধীয়ে অনা দুটা একেধৰণৰ প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰিছিল বুলি কৈ মণ্ডলে জনায় যে বিধায়ক জেমছৰ পৰা অহা প্ৰস্তাৱটোৰ আগেয়ে প্ৰস্তাৱটোৰ গুৰুত্ব সম্পৰ্কে তেওঁ চালি-জাৰি চাইছে।

অধ্যক্ষগৰাকীয়ে সোঁৱৰাই দিয়ে যে তেওঁ আনকি মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱো সদনত গ্ৰহণ কৰিছিল।