আজিৰে পৰা ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা

আজিৰে পৰা গুৱাহাটীৰ চানমাৰিৰ অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা আৰম্ভ হ’ব। আজি আবেলি ৪ বজাত গ্ৰন্থমেলাখন আনুষ্ঠিনকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজিৰ গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব দেশৰ এগৰাকী আগশাৰীৰ চিন্তাবিদ জয়াৰত্ন বি দিশানায়কে আৰু সন্মানি অতিথি হিচাপে উপস্থিত থাকিব নেচনেল বুক ট্ৰাষ্টৰ সঞ্চালক ড০ ৰীতা চৌধুৰী। এখন সংবাদ মেল যোগে কালি এই কথা সদৰি কৰিছে পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সচিব প্ৰমোদ কলিতাই।

অহা ২ জানুৱাৰীলৈ চলিব লগা গ্ৰন্থমেলাখনৰ আজিৰ উদ্বোধনী অনুষ্ঠানতে সাহিত্য একাডেমী বঁটা বিজয়ী যশস্বী সাহিত্যিক কথাশিল্পী অতুলানন্দ গোস্বামীক ২০১৭ বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত আছে এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ আৰু নগদ দুই লাখ টকা। আনুষ্ঠানিকভাৱে আজি এই বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এইবাৰৰ গ্ৰন্থমেলাত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ মুঠতে ৭৫ খন গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিব। ৰাজ্যখনৰ বিভিন্ন গ্ৰন্থ বিপনীৰ লগতে থাকিব দিল্লীৰ এখন, কলকাতাৰ ছখন, ৰাঁচীৰ এখন, ছিলঙৰ এখন আৰু হিমাচল প্ৰদেশৰ এখন গ্ৰন্থ বিপনী। এইবাৰৰ গ্ৰন্থমেলাত বাংলাদেশৰ গতিধাৰা নামৰ গ্ৰন্থ বিপনীখনেও অংশগ্ৰহণ নিশ্চিত কৰিছে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কত লোৱা সিদ্ধান্তত ক্ষুন্ন হৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই এইবাৰৰ গুৱাহাটী গ্ৰন্থমেলা বৰ্জনৰ সিদ্ধান্ত লৈছে। সেয়েহে এইবাৰৰ গ্ৰন্থমেলাত গ্ৰন্থ বিপনীৰ সংখ্যা ৭৫ খনলৈ হ্ৰাস পাইছে। যোৱাবছৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা বিপনীৰ সংখ্যা আছিল ৮৫ খন।