NORTHEAST NOW (Assamese)

আজিৰ পৰা আমগুৰিৰ হালোৱাটিঙত নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্ট†কাললৈ অৰ্থনৈতিক অৱৰোধ

August 3, 2018 7:08 pm · ৰাজীৱ দত্ত
Updated: August 3, 2018 7:46 pm
আমগুৰিত নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধত নামিল দল-সংগঠন।

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তত অসমৰ মাটিত বি অ’ পি নিৰ্মাণত  নাগাই বাধা দিয়াক কেন্দ্ৰ কৰি পুনৰ জাঙুৰ খাই উঠিছে বিভিন্ন জাতীয় সংগঠন।

নগাৰ অবৈধ আগ্ৰাসন বন্ধ কৰা, হালোৱাটিঙৰ সীমান্ত অঞ্চলত অসম চৰকাৰৰ দ্বাৰা অনুমোদিত সীমান্ত পহৰা চকী পূৰ্ব নিৰ্ধাৰিত স্থানত শীঘ্ৰে স্থাপন কৰা, আমগুৰি সমষ্টিৰ অৰ্ন্তগত হালোৱাটিংস্থিত নাগালেণ্ড চে’কগেইটখন অতি শীঘ্ৰে নাগালেণ্ডৰ ভৌগোলিক সীমালৈ স্থানান্তৰ কৰা, অসমৰ মাটিত থকা নাগালেণ্ড চে’কগেইট উচ্ছেদ কৰা আৰু সীমান্ত ৰাইজৰ জীৱন আৰু সা-সম্পত্তি সুনিশ্চিত কৰাৰ দাবীত আজিৰ পৰা অসম-নগালেণ্ড সীমান্তৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমগুৰি চাহ বাগিচাৰ সমীপত নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী লৈছে আটাছু, আটছা, আহোম সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আহোম জাতীয় গণমঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ তাই যুৱ ছাত্ৰ পৰিষদ, তাইপা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।

উল্লেখযোগ্য যে সীমান্তবাসী ৰাইজক নিৰাপত্তা দিয়াৰ অভিপ্ৰায়েৰে অসম-নাগালেণ্ড সীমান্তৰ এফ ছেক্টৰত এটা সীমান্ত পহৰা চকী নিৰ্মাণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই অনুমোদন কৰে। ফলত প্ৰস্তাৱিত এই সীমান্ত পহৰা চকী নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰা প্ৰতিষ্ঠানটোৱে হাবি-বন পৰিষ্কাৰ কৰিবৰ বাবে শ্ৰমিক নিয়োগ কৰিছিল। কিন্তু নাগা লোক ওলাই আহি বি অ’ পিটোৰ বাবে আৱণ্টিত উক্ত ভূমি তেওঁলোকৰ বুলি দাবী কৰি কৰ্মৰত শ্ৰমিকক কাম কৰাত বাধা দিয়ে। যাৰ পৰিণতিত স্থানীয় ৰাইজৰ লগতে কেইবাটাও জাতীয় সংগঠনে যোৱা ২৬ জুলাইত হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সীমান্তৰ এফ ছেক্টৰৰ উক্ত ভূমিতেই বি অ’ পি নিৰ্মাণৰ দাবী জনাইছিল।

Related News