আজিৰ পৰা টংলাত চাৰিদিনীয়া কাৰ্যসূচীৰে নিখিল ৰাভা সাহিত্য সভাৰ অধিৱেশন

বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা ৩০ ডিচেম্বৰলৈ নিখিল ৰাভা সাহিত্য সভাৰ চাৰিদিনীয়া ৩৪ সংখ্যক পূৰ্ণাংগ অধিৱেশন টংলাৰ সতীশ চন্দ্ৰ ৰাভা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব। বি টি চিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে ভাগ্য ৰাভা সোঁৱৰণী মূল তোৰণ উন্মোচন কৰি অধিৱেশনৰ আনুষ্ঠানিক উদ্বোধন কৰে। ইয়াৰ পিছতে পদুৰাম ৰাভা সোঁৱৰণী ভোজনালয় উদঘাটন কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ ৰাভাই। ৯ বজাত অতিথিশালা উন্মোচন কৰে বিধায়ক মহেশ্বৰ বড়োৱে। ড০ গণেশ্বৰ চহৰীয়া সোঁৱৰণী মূল মঞ্চ উন্মোচন কৰে অবিভক্ত দৰং জিলা ৰাভা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কেশৱ চন্দ্ৰ দত্তই। তাৰ পিছতে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে ভলিবল প্ৰতিযোগিতা আৰু প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন কৰিব। দুপৰীয়া ১১.৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰসিং কোচে। দিনৰ দুই বজাৰ পৰা প্ৰতিনিধিৰ নাম পঞ্জীয়ন, তিনিবজাত কেন্দ্ৰীয় কমিটিৰ শেষ কাৰ্যনিৰ্বাহক সভা, সন্ধিয়া ছয় বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। নিশা আঠ বজাত খগেন্দ্ৰ ৰাভা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট লেখক তথা অবিভক্ত দৰং জিলা ৰাভা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অৰুণ ডেকাই। জানিব পৰা অনুসৰি ২৯ ডিচেম্বৰৰ কাৰ্যসূচীত অসমৰ ৰাজ্যপাল জগদীশ মুখী উপস্থিত থকাৰ সম্ভাৱনা আছে।

৩০ ডিচেম্বৰ তথা অধিৱেশনৰ শেষৰ দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী আৰম্ভ হ’ব। শোভাযাত্ৰা উদ্বোধন কৰিব ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসে। অধিৱেশনৰ শেষ মুকলি সভা দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হ’ব। মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে থাকিব বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা আৰু ৰাজ্যসভাৰ সাংসদ শান্তিয়াছ কুজুৰ। ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ব আৰু অধিৱেশনখনৰ আনুষ্ঠানিক ভাবে সমাপন ঘটিব।