NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্টীয় উদ্যানৰ পৰিসীমা বৃদ্ধি কৰি বিশ্বনাথ বন্যপ্ৰানী সংমণ্ডলৰ উদ্বোধন

September 30, 2018 5:48 pm · কাজি জেইদুল ইছলাম 

বিশ্বনাথত আজি কাজিৰঙাৰ ষষ্ঠ সংযোজনক সামৰি গঠন কৰা বিশ্বনাথ বন্যপ্ৰানী সংমণ্ডল আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি এই নৱ গঠিত বন সংমণ্ডলটো উদ্বোধন কৰে।

উল্লেখযোগ্য যে  ১৪ আগষ্টত কাজিৰঙা ৰাষ্টীয় উদ্যানৰ পৰিসীমা বৃদ্ধি কৰি উদ্যানখনক দ্বী বিভক্ত কৰি অসম চৰকাৰে পূৰ্বাঞ্চল অসম বন্যপ্ৰানী সংমণ্ডল আৰু বিশ্বনাথ বন্যপ্ৰানী সংমণ্ডল গঠন কৰিছিল।

বন সংমণ্ডলটো উদ্ধোধন কৰি বন মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত বৰ্তমান সময়ত জীৱ বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি জীৱ কুলৰ জীৱন নিৰ্বাহৰ বাবে সদায় সঠিক দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মন কৰিব লাগিব বুলি কয়।

ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক প্ৰধান আকাশদ্বীপ বৰুৱাই তেওঁৰ আদৰণি ভাষনত উদ্যানখনক পূৰ্বৰ তুলনাত আৰু অধিক গঁড় সংৰক্ষণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বাবে নিৰাপত্তা সুনিশ্চিত কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে নৱ গঠিত বিশ্বনাথ বন্যপ্ৰানী সংমণ্ডলৰ প্ৰথমগৰাকী বন সংমণ্ডল প্ৰাধিকাৰী হিচাপে মুকুট দাসক নিযুক্তি দিয়া হৈছে।

আজিৰ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীকে ধৰি বহুকেইজন প্ৰশাসনিক বিষয়া উপস্থিত থাকে।

Related News