• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শংকৰদেৱক অপমান পতঞ্জলিৰ সতীনাথ বাৰালৰ! পাণবজাৰ থানাত এজাহাৰ ঐক্য সেনা, অসমৰ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 30, 2018 5:59 pm

2 min read

Satinath Baral

অভিযুক্ত সতীনাথ বাৰাল।

580
VIEWS
Share on FacebookShare on Twitter

শংকৰদেৱক উপলুঙা কৰি মন্তব্য কৰা পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া হৈ থকাৰ মাজতে ৩০ ছেপ্তেম্বৰত পাণবজাৰ থানাত বাৰালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ঐক্য সেনা, অসমে।

উল্লেখ্য যে, কালি পতঞ্জলিৰ উদ্যোগত দৰং জিলাৰ দুনীত যোৱা ২৪ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত যোগ শিবিৰত এই যোগ নিৰীক্ষকজনে অসমীয়া মানুহৰ বিষয়ে আৰু অসমীয়া সমাজৰ নমন্য পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে উপলুঙাসূচক মন্তব্য কৰিছিল।

২৯ ছেপ্তেম্বৰৰ সামৰণি অনুষ্ঠানত সতীনাথ বাৰালে ভাষণ প্ৰসংগত ‘শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয়’, ‘নামঘোষাত একো ভাল কথা নাই’ আৰু ‘নামঘৰত মিঠাতেলৰ চাকি মুৰ্খই জ্বলায়’ ইত্যাদি বহুতো বিতৰ্কিত মন্তব্য কৰে।

এনে অপমানসমূচক মন্তব্যক কেন্দ্ৰ কৰি উক্ত শিবিৰতে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাত পলায়ন কৰে ভণ্ড যোগগুৰুজনে।

আনহাতে খবৰটো প্ৰচাৰিত হোৱাত ৰাজ্যৰ চাৰিওফালে বিভিন্ন ঠাইত প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে। বিভিন্ন দল-সংগঠনেও বাৰালক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। এই মন্তব্যৰ বাবে ঐক্য সেনা অসমে গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত উক্ত যোগ নিৰীক্ষক বাৰালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছে। সংগঠনটোৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে ৬৪৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰা বুলি আমাৰ জানিবলৈ দিছে।

Oikyo Sena Assam
পাণবজাৰ থানাত এজাহাৰ দাখিল ঐক্য সেনা, অসমৰ।

থানাত এজাহাৰ দাখিল কৰি অহাৰ পাছত ঐক্য সেনা অসমৰ জ্যেষ্ঠ মুখপাত্ৰ কমল কুমাৰে নৰ্থ-ইষ্ট নাওৰ আগত কয়, “পতঞ্জলিৰ যোগ নিৰীক্ষকজনে জগতগুৰু শংকৰদেৱ তথা নামঘোষা বা নামঘৰক অপমান কৰা মানে সমগ্ৰ অসমীয়া জাতিটোকে অপমান কৰা। সেয়েহে অসমীয়া জাতিক অপমান কৰা কোনোধৰণৰ কাৰ্য্যক আমি সমৰ্থন নকৰো।”

উল্লেখ্য যে, আৰক্ষীয়ে যোগ নিৰীক্ষকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যৰ চুকে-কোণে পতঞ্জলিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি তুলিব বুলি আমাৰ আগত জানিবলৈ দিয়াৰ উপৰি যোগ নিৰীক্ষক সতীনাথ বাৰালক গ্ৰেপ্তাৰ নকৰা পৰ্য্যন্ত প্ৰতিবাদ অৱ্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd