আজি গুৱাহাটীলৈ আহিব বাংলাদেশৰ ৰাষ্ট্ৰপতি মোঃ আব্দুল হামিদ

Bangladesh President M Abdul Hamid

চাৰি দিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ অহা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ৰাষ্ট্ৰপতি মোঃ আব্দুল হামিদ আজি গুৱাহাটীত আহি উপস্থিত হ’ব।

ৰাষ্ট্ৰতপৰি গৰাকী আজি দিনৰ ১:৩০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

সূত্ৰটোৰ পৰা জানিব পৰা অনুসৰি বাংলাদেশৰ ৰাষ্ট্ৰপতি গৰাকীক অসমৰ ৰাজ্যপাল জগদিশ মুখী তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাক্ষাৎ কৰিব।

অৱশ্যে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ কোনো আনুষ্ঠানিক কাৰ্যসূচী নাই বুলি জানিব পৰা গৈছে।

তেওঁ অহা ১১ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগীয়া ‘ইন্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্স’ত অংশগ্ৰহণ কৰিব। উক্ত অনুষ্ঠানত তেওঁকে ধৰি মুঠ ২৫ খন ৰাষ্ট্ৰৰ মুৰব্বীয়ে ভাগ লব।

প্ৰাপ্ত তথ্য মতে অসমৰ লগতে বাংলাদেশৰ ৰাষ্ট্ৰপতি গৰাকী চুবুৰীয়া ৰাজ্য মেঘালয়লৈ যোৱাৰ কথা।

জানিব পৰা মতে, ১৯৭১ চনত বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত ৰাষ্ট্ৰপতি হামিদে মেঘালয়ত বাস কৰি আছিল।

চাৰি দিনীয়া ভাৰত ভ্ৰমণ সূচী সামৰি ১২ মাৰ্চত তেওঁ বাংলেদশলৈ উভতি যোৱাৰ কথা।