অভিমত অসম আন্ত: ৰাষ্ট্ৰীয় ক্ৰীড়া জীৱনশৈলী দেশ প্ৰাসংগিক প্ৰশ্ন
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
Home › অসম

আজি বিশ্ব এইডছ দিৱস : শৰীৰত এইচ্ছ আই ভিৰ বীজাণু কঢ়িয়ায়ো বিশ্ব জিনিছে মণিপুৰৰ প্ৰদীপ কুমাৰ সিঙে

December 1, 2017 1:38 pm · এন ই নাও নিউজ ব্যুৰো:
Updated: December 1, 2017 4:09 pm

আজি বিশ্ব এইডছ দিৱস। এইচ্ছ আই ভিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ লক্ষ্যৰ লগতে এইচ্ছ আই ভিত আক্ৰান্তসকলৰ প্ৰতি সহমৰ্মিতা তথা সমৰ্থন আগ বঢ়োৱাৰ উদ্দেশ্যে ১৯৮৮ চনৰ পৰা বিশ্ব এইডছ দিৱস উদযাপন কৰি অহা হৈছে। মানৱ সমাজত ত্ৰাসৰ প্ৰতীক হৈ পৰা এইচ্ছ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বত প্ৰায় ৩৭ মিলিয়ন হ’ব। আনহাতে প্ৰায় সম সংখ্যক লোকৰ মৃত্যু হৈছে এইচ্ছ আই ভিত আক্ৰান্ত হৈ। তথ্যমতে কেৱল ইংলেণ্ডতে আছে এক লাখতকৈ অধিক আক্ৰান্ত লোক। তথ্যমতে এইচ্ছ আই ভিয়ে হ’ল মানৱ ইতিহাসত আটাইতকৈ ডাঙৰ ঘাতক ৰোগ। গতিকে ইয়াৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ অভিযান সমগ্ৰ বিশ্বতে বিভিন্ন কাৰ্য্যসূচীৰে কৰা হয়। কিন্তু আশাৰ বতৰা যে এইচ্ছ আই ভিত আক্ৰান্ত হৈয়ো মানুহে এটা স্বাভাৱিক জীৱন যাপন কৰাৰ কিছুমান দৃষ্টান্ত স্থাপন কৰিছে কিছুমান দৃঢ় মনোবলৰ গৰাকীয়ে। কেৱল জীৱন যাপনেই নহয়, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সফলতাও দেখুৱাইছে।  মেজিক জনছনৰ দৰে বিখ্যাত বাস্কেটবল খেলুৱৈ, (যিজনে অৱশ্যে এইচ্ছ আই ভি পজিটিভ বুলি গম পোৱাৰ পিছত খেল এৰি দিছিল), হলি জনছনৰ দৰে বিখ্যাত গায়কো তাৰ মাজত আছে। এই প্ৰসংগত আমাৰ তেনেই ওচৰৰ ৰাজ্য মণিপুৰৰ প্ৰদীপ কুমাৰো এক বিৰল দৃষ্টান্ত। কিয়নো প্ৰদীপ কুমাৰে শৰীৰত এইচ্ছ আই ভিৰ বীজাণু লৈয়ে ২০০৬ চনত মি. মণিপুৰৰ খিতাপ জিকে। তাতকৈ চমৎকাৰ সৃষ্টি কৰি তেওঁ ২০১২ চনত বিশ্ব ব’ডি বিল্ডিঙত ব্ৰঞ্জৰ পদক জিনে।

এক সাক্ষাৎকাৰত প্ৰদীপ কুমাৰে কোৱা মতে তেওঁৰ শৰীৰত এইচ্ছ আই ভিৰ বীজাণু থকাৰ কথা গম পায় ২০০০ চনত। কৈশোৰত তেওঁ ড্ৰাগছ আসক্তিত ভুগিছিল আৰু ব্যৱহৃত ছিৰিঞ্জ ব্যৱহাৰৰ জৰিয়তে তেওঁৰ গালৈ এই বীজাণু বিয়পিছলি। যেতিয়া তেওঁ প্ৰথম নিজকে এইচ্ছ আই ভি পজিটিভ বুলি গম পায়, চকুলোৰে দুগাল ভৰি গৈছিল। তেওঁ ভাবিছিল খুব বেছি এক বা দুই সপ্তাহ তেওঁ জীয়াই থাকিব। লগ-বন্ধুৱে তেওঁৰ সংগ ত্যাগ কৰিছিল। কিন্তু তেওঁ লাহে লাহে এই দুৰ্ভাগ্যক হজম কৰিবলৈ শিকি পেলাইছিল। তেওঁ নিজৰ ইমমিউনিটি (শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা) বৃদ্ধি কৰাৰ কথা চিন্তা কৰিবলৈ ধৰিলে। আৰু সিদ্ধান্ত ল’লে যে তেওঁ ব’ডি বিল্ডিং কৰিব। এয়াই আছিল এটা বিস্ময়কৰ সফলতাৰ আৰম্ভণি বিন্দু। তেওঁ জিমত ক্ৰমে কঠোৰৰ পৰা কঠোৰতম পৰিশ্ৰম কৰিবলৈ ধৰিলে, লগতে বৰ্তাই ৰাখিলে দৃঢ় মনোবল। ইয়াৰে পৰিণাম স্বৰূপে তেওঁ ২০০৬ চনত প্ৰথমবাৰৰ বাবে ব’ডি বিল্ডাৰ হিচাপে ৰাজহুৱাকৈ ভূমুকি মাৰিলে মি. মণিপুৰ প্ৰতিযোগিতাত। তাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। লাহে লাহে তেওঁ নিজৰ বিষয়ে ৰাজহুৱা কৰিবলৈ ধৰিলে। তেওঁ এই কথা দৃঢ়তাৰে প্ৰমাণ কৰিব বিচাৰিলে যে এইচ্ছ আই ভি পজিটিভ হৈয়ো এটা স্বাভাৱিক জীৱন কটাব পাৰি। ২০১২ চনত তেওঁ মি. দক্ষিণ এছিয়া খিতাপ জিকে আৰু একে বছৰতে মি. ৱ’ৰ্ল্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক পায়। এইদৰেই লাহে লাহে তেওঁ মণিপুৰৰ এক কিংবদন্তি ব্যক্তিত পৰিণত হ’ল। তেওঁ আজি কেৱল মণিপুৰৰে নহয়, বিশ্বৰ সকলো এইচ্ছ আই ভিত আক্ৰান্ত লোকৰ বাবে এক আদৰ্শ। তেওঁ এইচ্ছ আই ভিত আক্ৰান্তসকললৈ বাৰ্তা দি কয় যে আক্ৰান্ত হোৱাৰ বাবে নিজকে অভিশাপ দি নহয়, সাহস আৰু সুস্থতাৰ সৈতে জীয়াই থাকিবলৈ মনোবল গোটাওক।

‹ ফেচবুকৰ বন্ধু বিচাৰি দিল্লীলৈ গৈ নিৰুদ্দেশ অৰুণাচলৰ… শিলচৰত তিনিজন নগা উগ্ৰপন্থীক গ্ৰেপ্তাৰ ›

Related News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm · এন ই নাও নিউজ, গুৱাহাটী

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm · এন ই নাও নিউজ, গুৱাহাটী

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm · এন ই নাও নিউজ, গুৱাহাটী
NORTHEAST NOW (Assamese) · View full site