আজি বিশ্ব চাইকেল দিৱস: মাজুলীত পৰ্যটকৰ বাবে চাইকেলেই হওক শ্ৰেষ্ঠ বাহন

ATTACHMENT

আজি বিশ্ব চাইকেল দিৱস।ৰাষ্ট্ৰসংঘই আজিৰ দিনটো বিশ্ব চাইকেল দিৱস হিচাপে স্বীকৃতি দিছে। ইয়াৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কোনো কোনো স্থানত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে চাইকেল দিৱস। ইন্ধন ৰাহিৰ সজাগতাৰ লগতে এখন সুস্থ সবল সমাজ গঢ়াৰ লক্ষ্যৰে এই দিৱস বিশ্ববাসীয়ে পালন কৰিছে। সমগ্ৰ বিশ্বতে চাইকেলৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে।

পৰ্যটকৰ অন্যতম আকৰ্ষণৰ থলী মাজুলীত চাইক্লিঙৰ সুবিধাৰ বাবে ৰুটব্ৰীজ নামৰ গুৱাহাটীস্থ বেচৰকাৰী সংস্থা এটাৰ যোগেদি মাজুলীত কেইখনমান চাইকেলৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

পিছে পৰিতাপৰ বিষয় এয়ে যে আজিৰ এই বিশেষ দিনটোত কোনো সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত নহ’ল মাজুলীত। উল্লেখযোগ্য যে যোৱা বৰ্ষত বেচৰকাৰী সংস্থাটোৱে উলিওৱা চাইকেল সজাগতা ৰেলীত অংশগ্ৰহণ কৰিছিল বহু পৰ্যটকে।

লোক-সংস্কৃতিৰে সমৃদ্ধ মাজুলীৰ বিভিন্ন জনগোষ্ঠীৰ মিলনে মাজুলীক বাৰেৰহণীয়া কৰি তুলিছে। প্ৰতিনিয়ত সত্ৰীয়া গীত-মাত, খোল-তাল, নাচ-গান, ভাওনা-সবাহ, অদূৰৰ মিচিং গাঁৱৰ পৰা ভাহি অহা মিচিং গাভৰুৰ ঐনিতমৰ সুৰ আদিয়ে মাজুলীৰ জন-জীৱন মুখিৰত কৰি ৰাখে ৷ ছশবছৰীয়া ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ মাজুলীলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ দেশী- বিদেশী পৰ্যটকৰ আগমন ঘটে । প্ৰদূষণমুক্ত মাজুলী ভ্ৰমণৰ বাবে চাইকেলেই শ্ৰেষ্ঠ বাহন।

অসমৰ পৰ্যটন বিভাগে এইক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিলে দেশৰ ভিতৰতে অন্যতম পৰ্যটনথলীলৈ ৰূপান্তৰ হ’ব মাজুলী । যত পৰ্যটকৰ লগতে মাজুলীবাসীয়েও গাড়ী- মটৰ এৰি বাহন হিচাপে আঁকোৱালি ল’ব মৰমৰ  চাইকেলখনক।