আজি বিশ্ব জল দিৱস : এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে উত্তৰ ত্ৰিপুৰাৰ ৰাউণ্ডছাৰা গাঁৱবাসীৰ আৰ্তনাদ   

বিশ্ব জল দিৱস

আজি বিশ্ব জল দিৱস । আজিৰ দিনটোত সমগ্ৰ বিশ্বই উদযাপন কৰিছে জল দিৱস। জল দিৱস উদযাপন কৰাৰ সময়তে কিন্তু ভাৰতবৰ্ষৰ কিছু কিছু অঞ্চলত আজিও প্ৰতিফলিত হয় এক অনুৰূপ দৃশ্য। ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলত বাস কৰা অধিকাংশয়ে বঞ্চিত হৈ আহিছে বিশুদ্ধ খোৱা পানীৰ পৰা।

বিশ্ব জল দিৱস উদযাপনৰ সময়তে তেনে এখন ছবি প্ৰতিফলিত হৈছে ত্ৰিপুৰাত। উত্তৰ ত্ৰিপুৰাৰ পানীসাগৰ মহকুমাৰ অধীন ৰাউণ্ডছাৰা গাঁৱৰ বাসিন্দাসকলে এতিয়াও কদৰ্যময় পুখুৰী, নলা-নৰ্দমাৰ পৰা সেৱন কৰি আছে পানী।

উল্লেখ্য যে উক্ত অঞ্চলত ৰিয়াং সমুদায়ৰ মুঠ ৪৪টা পৰিয়ালে স্বাধীনোত্তৰ কালৰ পৰা বসবাস কৰি আহিছে যদিও এতিয়াও গাওঁখনত অৱস্থিত একমাত্ৰ পুখুৰীটোৰ পৰাই তেওঁলোকে সেৱন কৰি আছে অনুপযোগী পানী।

তাৎপৰ্যপূৰ্ণ কথা যে স্বাধীনতাৰ প্ৰায় ৭০ বছৰৰ পাছতো ত্ৰিপুৰাৰ ৰাউণ্ডছাৰা গাঁৱৰ বাসিন্দাসকলে বিশুদ্ধ খোৱা পানীৰ অভাৱত দুৰ্বিষহ জীৱন ধাৰণ কৰা ছবিয়ে স্বাভাবিকতে চৰকাৰৰ সদিচ্ছাৰ অভাৱকে প্ৰতিফলিত কৰিছে।

স্মৰ্তব্য যে উক্ত অঞ্চলত এখন জে বি কলেজ আৰু এটা অংগনবাড়ী কেন্দ্ৰ থকাৰ পাছতো বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগিবলগীয়া হৈছে গাঁৱবাসী। আনহাতে প্ৰায়বোৰ সদস্যৰে শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ। আৰু জানিব পৰা মতে অধিকাংশ লোক এতিয়া স্ব্যাস্থ্য জনিত সমস্যাত আক্ৰান্ত।

উক্ত গাঁৱৰ বাসিন্দাসকলে পূৰ্বৰ চিপিআই(এম) নেতৃত্বাধীন চৰকাৰখনক বহুবাৰ অনুনয়-বিনয় কৰিছিল যদিও চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে।

বিশুদ্ধ খোৱা পানীৰ অভাৱৰ উপৰি গাঁওখনলৈ অহা যোৱা কৰাৰ বাবে ৰাস্তা-ঘাটৰ লগতে পৰিৱহন ব্যৱস্থাৰো অৱস্থা তথৈৱচ।

বহু বছৰৰ পৰা দুৰ্ভোগ ভুগি অহা উক্ত অঞ্চলৰ বাসিন্দাসকলে এতিয়া দেখিছে আশাৰ ৰেঙনি। কিয়নো নবনিৰ্বাচিত বিজেপি চৰকাৰৰ স্থানীয় বিধায়কে সেই অঞ্চলৰ লোকসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰাৰ আশ্বাস প্ৰদান কৰিছে।