আদিল হুছেইনৰ বৰ্ণাঢ্য কেৰিয়াৰত সংযোজিত হ’ল আন এক সন্মান

adil-570x320

অসমৰ প্ৰসিদ্ধ অভিনেতা আদিল হুছেইনৰ বৰ্ণাঢ্য অভিনয় জীৱনৰ কেৰিয়াৰত সংযোজিত হ’ল আন এক সন্মান।

বাংগালোৰত অনুষ্ঠিত হোৱা ইনোভেটিভ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ‘মুক্তি ভৱন’ ছবিখনত কৰা অনবদ্য অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।

যুৱ পৰিচালক সুভাশিস ভূটিয়ানীয়ে পৰিচালনা কৰা চলচ্চিত্ৰখনে মহোৎসৱখনত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মানো লাভ কৰিছে।

একেখন ছবিৰ বাবেই সুভাশিস ভূটিয়ানীয়ে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰাৰ লগতে ডেভিদ হুৱাইলাৰ আৰু মাইকেল মেকছুৱেনিয়ে শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰৰ বঁটা লাভ কৰিছে।

পৰিয়াল আৰু সম্পৰ্কৰ বিষয়ক ভিত্তি কৰি  নিৰ্মিত ‘মুক্তি ভৱন’ৰ কাহিনী আৰু পৰিচালনা সুভাশিস ভূটিয়ানীৰ আৰু প্ৰযোজনা কৰিছে সঞ্জয় ভূটিয়ানীয়ে।

পৱিত্ৰ চহৰ বাৰাণসীত শেষ নিশ্বাস ত্যাগ কৰা আৰু মুক্তিৰ সপোন দেখা বৃদ্ধ পিতৃক তেওঁৰ এগৰাকী  আগ্ৰহহীন পুত্ৰই  জোৰকৈ লৈ যোৱাৰ কাহিনী বৰ্ণিত হৈছে ছবিখনত।

আদিলে এই ছবিখনত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত জুৰীৰ বিশেষ উল্লেখ লাভ কৰিছিল।

‘মুক্তি ভৱন’ত কৰা অভিনয়ৰ বাবে তেওঁ কেইবাটাও শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল। তাৰ ভিতৰত আছিল ডি চি ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেল (আমেৰিকা যুক্তৰাষ্ট্ৰ), ৰাজস্থান ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, নিউজ ১৮ ৰীল ম’ভি এৱাৰ্ডছ আৰু ফিল্মছ অফ ইণ্ডিয়া অনলাইন এৱাৰ্ডছত বিশেষ উল্লেখ ইত্যাদি।

মুক্তি ভৱনত কাৰ অভিনয়ৰ বাবে আদিলে ২০১৭ চনৰ এন ডি টি ভিৰ দহগৰাকী শ্ৰেষ্ঠ অভিনেতাৰ তালিকাত স্থান লাভ কৰিছিল।

আদিল হুছেইনৰ অৱিস্মৰণীয় অভিনয়ৰ প্ৰতিফলন ঘটিছে ‘লাইফ অফ পি’, ‘দ্য ৰিলাকটেন্ট ফাণ্ডামেন্টেলিষ্ট’, ‘আনফ্ৰিডম’ আদিত। তেওঁ নৰৱেৰ ‘হোৱাট পীপল উইল ছে’ চলচ্চিত্ৰখনতো অবিনয় কৰিছে।