NORTHEAST NOW (Assamese)

আনুষ্ঠানিকভাৱে শুভাৰম্ভ নামৰূপৰ জ্যোতিনগৰ পেভাৰ ব্লক পথৰ নিৰ্মাণ কাৰ্য

March 23, 2018 12:45 pm · অক্ষয় প্ৰণৱ কলিতা
Updated: March 23, 2018 3:00 pm

নামৰূপৰ ফেডাৰ আলীৰ পৰা দিল্লী ডোৱানিয়া সংলগ্ন জ্যোতিনগৰ পেভাৰ ব্লক পথটিৰ নিৰ্মাণকাৰ্য বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভউদ্বোধন হয়।

নামৰূপ নগৰ সমিতিৰ অধ্যক্ষা নীতু সোণোৱাল বুঢ়াগোহাঁইয়ে কালি নতুনকৈ নিৰ্মাণ হ’বলগীয়া জ্যোতিনগৰ পথটিৰ কাম আনুষ্ঠানিকভাৱে মুকলি কৰে।

উল্লেখ্য যে জ্যোতিনগৰ পেভাৰ ব্লক পথটি অসম চৰকাৰৰ ২০১৭-১৮ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কাৰ্য চলোৱা হৈছে। ৩০৫ মিটাৰ দৈৰ্ঘ্যৰ এই পথটিৰ নিৰ্মাণ কাৰ্যত ১০.৪৪ লাখ টকা ব্যয় হ’ব বুলি ধাৰ্য কৰা হৈছে।

নিৰ্মাণ কাৰ্য মুকলি অনুষ্ঠানত উপস্থিত থকা নীতু সোণোৱাল বুঢ়াগোহাঁইয়ে ৰাইজক উদ্দেশ্যি কয়- ‘আমি নামৰূপৰ জনসাধাৰণৰ মংগলৰ বাবে আছো, এই অঞ্চলক আগবঢ়ায় নিয়া তথা নামৰূপৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাই আমাৰ একমাত্ৰ উদ্দেশ্য। ঠিকাদাৰসকলে কামত যাতে গাফিলতি কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিবলৈ মই সকলো জনসাধাৰণকে অনুৰোধ জনালো’।

জ্যোতিনগৰ পেভাৰ ব্লক পথটিৰ নিৰ্মাণ কাৰ্য মুকলি অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) ৰাজ্যিক কাৰ্যবাহী ৰঞ্জিত বৰুৱা, জ্যেষ্ঠ বিজেপি নেতা সুৰেণ গগৈ, ভবা গগৈৰ লগতে বিভিন্ন লোক উপস্থিত থাকে।

Related News