আনুষ্ঠানিক অভিযোগ পালেহে নিৰ্বাচন আয়োগে মেঘালয় চৰকাৰৰ নতুন আঁচনিসমূহ পৰীক্ষা কৰি চাব

নিৰ্বাচন আয়োগৰ প্ৰতিনিধিত্বমূলক ফটো

মেঘালয় চৰকাৰে ঘোষণা কৰা মহিলা সৱলীকৰণ আৰু পশুধন অভিযান সম্পৰ্কীয় আঁচনিসমূহ নিৰ্বাচন আয়োগৰ তথা জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিলে আনুষ্ঠিনক অভিযোগ দাখিল কৰিব লাগিব। ৰাজ্যখনৰ আসন্ন নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শাসনাধীষ্ঠ চৰকাৰখনে নতুন আঁচনি ঘোষণা কৰাকলৈ প্ৰশ্ন উত্থাপিত হৈছে।

পূব খাচী পাহাৰৰ উপায়ুক্ত পি এছ ডিখাৰে কয় যে আঁচনিসমূহ ঘোষণা কৰা সন্দৰ্ভত কোনো মহলৰ পৰা আনুষ্ঠানিক অভিযোগ লাভ কৰা নাই।

মুখ্য নিৰ্বাচনী বিষয়া ফ্ৰেডেৰিক খাৰকংগৰে জনাইছে যে কোনো আঁচনি সম্পৰ্কত কিবা অভিযোগ আহিলে সেইবোৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতহে পৰীক্ষা কৰি চোৱা হ’ব।

ৰাজ্যখনৰ পশুধন অভিযানৰ এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই কয় যে আঁচনিসমূহৰ পৰিকল্পনা বহুদিন আগতেই কৰা হৈছিল যদিও বৰ্তমান তাৰ ৰূপায়নৰ কাম হাতত লোৱা হৈছে।

তেওঁ সোঁৱৰাই দিয়ে যে গো-হত্যা বন্ধ সম্পৰ্কীয় বিষয়টো চৰ্চাৰ সময়ত বিধানসভাৰ বিশেষ অধিৱেশনত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰে এটা গুৰুত্বপূৰ্ণ অংশ আছিল পশুধন অভিযানৰ প্ৰসংগ।পশুধন পালনৰ নিমিত্তে এটা পৰিয়ালক ৫,০০০ টকাৰ সাহায্য আগবঢ়োৱাৰকথা ঘোষণা কৰা হৈছিল আৰু এইক্ষেত্ৰত ৪৫,০০০ পৰিয়ালক বাচনি কৰা হৈছে। উক্ত আঁচনিৰ ধনৰ অনুমোদন জনোৱা হৈছে আৰু খণ্ড উন্নয়ন বিষয়াসকলক বিতৰণৰ বাবে দিয়া হৈছে।

মহিলা সবলীকৰণৰ অধীনতো ৫,০০০ টকাকৈ মহিলাসকলক বিত্তীয় সাহায্য আগবঢ়োৱাৰ এখন আঁচনি মুখ্যমন্ত্ৰীয়ে যোৱা ৫ জানুৱাৰীত ছিলঙত ঘোষণা কৰিছিল। এই আঁচনি ঘোষণা কৰি মুখ্যমন্ত্ৰী ছাংমাই কৈছিল যে আঁচনিখনে ১.২০ লাখ পৰিয়ালক সামৰি ল’ব। ইতিমধ্যে বিত্তীয় সাহায্যৰ ৫,০০০ টকাকৈ হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে।

এক স্পষ্টীকৰণত মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে এই আঁচনিসমূহ পুৰণি আছিল। কিন্তু চৰকাৰী তথ্যমতে সেইবোৰ মুখ্যমন্ত্ৰীৰ স্থিতিৰ বিপৰীতে অলপতেহে মুকলি কৰা হৈছিল।