NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : বিশ্বনাথত ব্যাপক প্ৰস্তুতি জিলা প্ৰশাসন-পতঞ্জলি যোগপীঠৰ

June 15, 2018 6:12 pm · কাজী জেইদুল ইছলাম

‘সমন্বয় আৰু শান্তিৰ বাবে যোগ’বাণীৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো চতুৰ্থবাৰৰ বাবে অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে জিলা প্ৰশাসন আৰু পতঞ্জলি যোগপীঠে।

বিশ্বনাথ কলেজৰ প্ৰেক্ষাগৃহত প্ৰশাসনৰ উদ্যোগত আৰু পতঞ্জলি যোগপীঠৰ চহযোগত এই দিৱসৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা ৭ বজাৰ পৰা এই দিৱসৰ মূল কাৰ্যসূচী আৰম্ভ হ’ব।

যোগ দিৱসৰ প্ৰস্তুতি হিচাপে কাইলৈৰ পৰা চাৰিদিনৰ বাবে বিশ্বনাথ কলেজৰ প্ৰেক্ষাগৃহত যোগ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰতিদিনে পুৱা ৫-৩০ বজাৰ পৰা এঘণ্টাৰ বাবে চলিবলগীয়া এই কাৰ্যসূচীত পতঞ্জলি যোগপীঠৰ যোগ প্ৰশিক্ষকসকলে যোগাৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞাই সম্পূৰ্ণ বিনামূলীয়া এই প্ৰশিক্ষণত যোগদান কৰিবলৈ সমূহ ৰাইজক আহ্বান জনাইছে।

উল্লেখযোগ্য যে পতঞ্জলি যোগপীঠৰ বিশ্বনাথ জিলা সমিতিয়ে জিলাৰ বিভিন্ন এলেকাত ইতিমধ্যে ২৫ দিনীয়া যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আছে। এই শিবিৰত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলৰ লগতে জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে ২১ জুনৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় কাৰ্যসূচীত সমূহ ৰাইজৰ অংশগ্ৰহণ আৰু সহযোগিতা জিলা প্ৰশাসনে কামনা কৰিছে।

Related News