আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰক্ষা কৰি বৰপেটাতো মে’ দিৱস পালন

Mayday

সমগ্ৰ বিশ্বৰ লগতে আজি বৰপেটাতো শ্ৰমজীৱী লোকসকলে পালন কৰা মে’ দিৱস উদযাপন কৰা হয়। মেহনতী শ্ৰমিকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ এই দিৱসটো জিলাখনৰ বৰপেটা চহৰ, জনিয়া, সত্ৰকনৰা, হাউলী, কলগাছিয়া আদি অঞ্চলত পালন কৰাৰ খবৰ আহিছে।

বৰপেটা চহৰত ট্ৰাক শ্ৰমিক য়ুনিয়নৰ উদ্যোগত ট্ৰাক শ্ৰমিক য়ুনিয়ন কাৰ্যালয় প্ৰাংগণত এই দিৱস উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে মে’ দিৱসৰ তাৎপৰ্যৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত ‘চিটু’ৰ উপদেষ্টা নাচিৰুদ্দিন আহমেদে মে’ দিৱসৰ বিষয়টোত বক্তব্য আগ বঢ়ায়।

ইপিনে, জনিয়াতো ‘চিটু’ আৰু ‘কৃষক সভা’ৰ উদ্যোগত জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সভাকক্ষত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। ই-ৰিক্সা সন্থাৰ জনিয়া আঞ্চলিক সমিতিৰ সভাপতি আব্দুল হালিমৰ সভাপতিত্বত অনুষ্ঠিত ‘মে’ দিৱসৰ ইতিহাস আৰু বৰ্তমান ৰাজনৈতিক পৰিস্থিতি’ শীৰ্ষক  আলোচনা চক্ৰখনত কৃষক নেতা দীপক দাস, আজিজুৰ ৰহমানৰ লগতে জিলা কোষাগাৰ বিভাগৰ কোষাধ্যক্ষ নুৰুল ইছলামে ভাষণ ৰাখে। আনহাতে এই উপলক্ষত জনিয়াত এক মিচিলো উলিওৱা হয়।

একেদৰে হাউলীতো সৰু মটৰ শ্ৰমিক য়ুনিয়ন আৰু নিৰ্মাণ শ্ৰমিক য়ুনিয়নৰ উদ্যোগত মে’ দিৱস পালন কৰা হয়। আনফালে, সত্ৰকনৰাত কৃষক সভা আৰু সৰু মটৰ শ্ৰমিক য়ুনিয়নৰ উদ্যোগত আন্তৰ্জাতিক মে’ দিৱস উদ্যাপন কৰা হয়। কলগাছিয়াতো দিনজোৰা কাৰ্যসূচীৰে মে’ দিৱস পালন কৰা হয়।