NORTHEAST NOW (Assamese)

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস বিশেষ: চাওক ওজন নিয়ন্ত্ৰণত সহায়ক কেইটামান আসন

June 21, 2023 8:02 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 21, 2023 2:24 am

আজি ২১ জুন, পালন কৰা হৈছে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস। ভাৰতত পৌৰাণিক কালৰে পৰা প্ৰচলিত যোগাসনক বিশ্বত ব্যাপ্ত কৰি তোলাৰ লক্ষ্যৰে ২০১৫ চনৰ পৰা পালন কৰি অহা হৈছে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস। এটি সুস্থ-সবল নিৰোগী শৰীৰৰ গঠনত যোগাসনৰ অৱদান অনস্বীকাৰ্য।

যোগাসনে যে কেৱল ব্যক্তিৰ শাৰীৰিক উৎকৰ্ষ সাধন কৰে এনে নহয়; ই ব্যক্তিৰ মানসিক স্বাস্থ্যৰো বিকাশ ঘটায়। যোগে আমাৰ শৰীৰৰ প্ৰতি সচেতনতাও বৃদ্ধি কৰিব পাৰে। যোগৰ আশ্ৰয় লৈ আমি প্ৰাকৃতিকভাৱে ওজন নিয়ন্ত্ৰণ কৰিব পাৰোঁ।

ওজন নিয়ন্ত্ৰণৰ বাবে দৈনিক অনুশীলন কৰিবলগীয়া কেইটামান যোগ আসন চাওঁ আহক:

 

১/ অধো মুখ স্বনাসন

 

২/ ভূজংগাসন

 

৩/ ত্ৰিকোনাসন

 

৪) ধনুৰাসন

 

৫/ সৰ্বাংগসন

 

৬) ছেঠুবন্ধ সৰ্বাংগাসন

 

ছবিত দেখা আসনসমূহ কোনো বিশেষজ্ঞ যোগ প্ৰশিক্ষকৰ নিৰ্দেশনা তথা পৰামৰ্শ অনুযায়ী কৰা বাঞ্চনীয়। অন্যথা এই আসনসমূহ অনুশীলন কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকে।

Related News