আপাতকালীন সময়ত ল’বলগীয়া সাৱধানতাৰ ওপৰত গুৱাহাটীত অনুষ্ঠিত হয় এখন কৰ্মশালা

বৃটিছ উপ-উচ্চায়ুক্ত

কামৰূপ(ম) জিলা দুৰ্যোগ ব্যবস্থাপনা কৰ্তৃপক্ষ আৰু বৃটিছ ডেপুটি হাই কমিছন, কলকাতাৰ যৌথ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ এখন হোটেলত দুৰ্যোগৰ সময়ত ল’ব লগা সাৱধানতা তথা কিদৰে ক্ষীপ্ৰ গতিত সহায় আগবঢ়াব পাৰি তাৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়।

উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক দুৰ্যোগ ব্যবস্থাপনা কৰ্তৃপক্ষৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ৰক্ষী তথা তথ্য আৰু জনসংযোগ বিভাগৰ অধ্যক্ষ ৰাজীৱ প্ৰকাশ বৰুৱাই  আপাতকালীন পৰিৱেশৰ সময়ত অসমৰ SDRF, NDRF আরু আৰক্ষীৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগৰ গুৰুত্বৰ বিষয়ে মত আগবঢ়াই। তেওঁ লগতে কয় যে যোৱাবছৰ বাৰিষা কালত  কত্রিম বানপানীৰ সময়ত দুর্ভোগ ভোগা মহানগৰীৰ জনতাক কামৰূপ(ম) জিলা দুৰ্যোগ ব্যবস্থাপনা কৰ্তৃপক্ষই যথেষ্ট সফলতাৰে দায়িত্ব পালন কৰিছে।

‘অসম ৰাজ্যিক দুৰ্যোগ ব্যবস্থাপনা কৰ্তৃপক্ষ দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ কৰ্তৃপক্ষ’  এই বুলিও মন্তব্য কৰে বৰুৱাই।

ইফালে গুৱাহাটী(ম)ৰ অতিৰিক্ত উপায়ুক্ত পুলক মহন্তই আৰম্ভণি অনুষ্ঠানৰ ভাষণ প্ৰসংগত কৰ্মশালাখন আয়োজন কৰাৰ বাবে আগবাঢ়ি অহা বৃটিছ ডেপুটি হাই কমিছন, কলকাতাক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে কামৰূপ (ম) জিলাৰ ১৮০০ শ শিক্ষকক নিজৰ নিজৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক যিকোনো সময়ত উদ্ভৱ হ’ব পৰা আপাতকালীন পৰিস্থিতিৰ পৰা উদ্ধাৰৰ বাবে প্ৰশিক্ষণ দিয়া হৈ আছে বুলিও মহন্তই জনায়।

ভূমিকম্প, বানপানী, ধুমুহা আদিৰ দৰে আপাতকালীন পৰিস্থিতিৰ সন্মুখীন হোৱাটো ৰাজ্য এখনৰ বাবে মহত্বপূৰ্ণ অংগ। আৰু এই আপাতকালীন পৰিস্থিতিৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ পাবলৈ হ’লে এইদৰে কৰ্মশালাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব বুলি সঞ্জীবিতা মেকড’নাল্ড টেৰিয়েং সেন, বৃটিছ ডেপুটি হাই কমিছন, কলকাতাৰ উপ-উচ্চায়োগগৰাকীয়ে মন্তব্য কৰে।

আনহাতে কৰ্মশালাখনত SDRFৰ দ্বিতীয় কামাণ্ড আৰ এছ গীলে মন্তব্য কৰে যে ২০০৬ চনৰ জন্মলগ্নৰে পৰা বাহিনীটোৱে উদ্ভৱ হোৱা দেশৰ সকলো আপাতকালীন সময়তে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ‘বানপানী, খহনীয়া আদিৰ পৰা  উদ্ধাৰ কৰাৰ বাবে SDRF বাহিনী যথেষ্ট সক্ষম’ এই মন্তব্য এছ গীলৰ।

কৰ্মশালাখনৰ জৰিয়তে গোটেই কেইটা বাহিনীৰ মাজত একতাৰ ভাব জন্মাৰ উপৰি নিজৰ নিজৰ অভিজ্ঞতা সমূহ আদান প্ৰদানৰ জৰিয়তে ভৱিষ্যতত দুৰ্যোগ বিভাগ কেইটাই অধিক সক্ৰিয়তাৰে কাম কৰাৰ প্ৰেৰণা পাব বুলি উদযাপন সমিতিয়ে ধাৰণা কৰিছে।