আমগুৰিত পুখুৰীত গা ধুবলৈ গৈ দুটি শিশুৰ সলিল সমাধি

প্ৰতিনিধিত্বমূলক ছবি

শিৱসাগৰ জিলাৰ আমগুৰিৰ ধলোৱা পথাৰত আজি দুটিকৈ শিশুৰ সলিল সমাধি ঘটি কৰুণ ভাৱে মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে আমগুৰিৰ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত ধলোৱা পথাৰত আজি দুপৰীয়াৰ ভাগত দুটি শিশু পুখুৰীত পৰি কৰুণ মৃত্যুক সাবটি লয়।

প্ৰাপ্ত তথ্য মতে ধলোৱা পথাৰ বস্তীৰ ৰমেশ পাছোৱান আৰু দিপিকা পাছোৱানৰ পুত্ৰ পল্লৱ পাছোৱান (৭), জিতেন ঘাটোৱাৰ আৰু ৰঞ্জিতা ঘাটোৱাৰৰ পুত্ৰ ৰাজা ঘাটোৱাৰ(৯) আজি দুপৰীয়াৰ ভাগত বিদ্যালয়ৰ পৰা আহি পুখুৰীত গা ধুবলৈ বুলি যোৱা অৱস্থাতে পুখুৰীত পৰি অকাল মৃত্যুক সাবটি লয়।

মন কৰিব লগীয়া যে ইটা ভাটালৈ মাটি খান্দি নিয়াৰ ফলত সৃষ্টি হোৱা গভীৰ পুখুৰীত দুয়োজন ছাত্ৰই গা ধুবলৈ নমাৰ পাছতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।