আমগুৰি দেওৰজাত আবকাৰী বিভাগৰ অভিযান; কেইবা হাজাৰ লিটাৰ চুলাই জব্দ

প্ৰতিনিধিত্বমূলক ছবি

অসম চৰকাৰৰ যোগান বিভাগৰ নিৰ্দেশনাৰ বাবে শিৱসাগৰ জিলাৰ আমগুৰিত লালিগুৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বন্ধ হৈ পৰাত উৎফুল্ল হৈ পৰাত কুখ্যাত লালিগুৰ ব্যৱসায়ীয়ে এতিয়া প্ৰতিদিনেই অৱাধে লালিগুৰ সৰবৰাহ কৰাত নামি পৰিছে।

উল্লেখযোগ্য যে চুলাই মদ প্ৰস্তুতৰ কেচাঁমাল হিচাপে ব্যৱহৃত লালিগুৰ উভৈনদী হৈ পৰাত পুনৰ অঞ্চলটোত কাঠফুলাৰ দৰে কেইবা শতাধিক চুলাই ভাটি গঢ় লৈ উঠিছে।

আজি শিৱসাগৰ জিলাৰ আৱকাৰী অধীক্ষক বনানি হোজাই আৰু আবকাৰী পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত এটা বৃহৎ আবকাৰী দলে আমগুৰিৰ দেওৰজা, মানটনীয়া, জেহেনীয়া, পুলিবৰ আদি এলেকাত অভিযান চলাই প্ৰায় ৮০০০লিটাৰ চুলাই তথা চুলাই প্ৰস্তুতৰ বাবে সাজু কৰা তৰল পদাৰ্থ আৰু ১০ টা সঁজুলি জব্দ কৰে।

অঞ্চলটোৰ বসন্ত গগৈ, দীপা গগৈ, যোগ গগৈ, ৰমেণ গগৈ, ভূপেন গগৈ আৰু সোণমণি গগৈৰ ঘৰত এই চুলাই ভাটি সমুহ উচ্ছেদ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে আবকাৰী আইনৰ নিদিষ্ট ধাৰা অনুসৰি গোচৰ ৰুজু কৰা হৈছে বুলি আবকাৰী বিভাগৰ সূত্ৰই প্ৰকাশ কৰে।

উল্লেখযোগ্য যে দেওৰজা অঞ্চলৰ শইকীয়া উপাধিৰ কুখ্যাত লালিগুৰ ব্যৱসায়ীজনে প্ৰশাসনৰ চকুত ধুলি দি আমগুৰিৰৰ বিভিন্ন চুলাই ভাটিলৈ লালিগুৰৰ যোগান ধৰি আহিছে। জানিব পৰামতে চতুৰ লোকজনে অঞ্চলটোৰ গো-পালক সকলক  ৫০০০-৬০০০ টকা দি গো দানাৰ বাবে প্ৰয়োজন হোৱা গুৰ তেওঁৰ পৰা ক্ৰয় কৰে বুলি লিখাই লৈছে যাতে মজুত থকা লালিগুৰ গো খাদ্য হিচাপে বিক্ৰী কৰা বুলি প্ৰমাণ কৰিব পাৰে।

আনহাতে তেওঁৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰা সংবাদকৰ্মী সকলক ছলে বলে হাত কৰিবলৈ উঠি পৰি লগা কুখ্যাত ব্যৱসায়ীজনৰ এই কাৰ্যত এটা যুৱ ছাত্ৰ সংগঠনৰ একাংশ স্থানীয় নেতাই আগভাগ লৈছে।