NORTHEAST NOW (Assamese)

আমচাঙৰ উচ্ছেদ সম্পৰ্কত পাপনৰ টুইট : আমি মানুহ, এই কথা পাহৰিলে নহ’ব

December 1, 2017 2:31 pm · এন ই নাও নিউজ ব্যুৰো:
Updated: December 1, 2017 4:00 pm

পলমকৈ হ’লেও অসমৰ সংগীত জগতৰ এক তাৰকা অংগৰাগ পাপন মহন্তই আজি নিজৰ এটা টুইটত আমচাং অভয়াৰণ্যৰ উচ্ছদ সম্পৰ্কত নিজৰ মত ব্যক্ত কৰে। সংগীতৰ কামত বৰ্তমান মুম্বাইত থকা পাপনে নিশা ১২ বাজি ৫২ মিনিটত দিয়া এটা টুইটত কয় যে তেওঁ আমচাঙৰ উচ্ছেদৰ আঁৰৰ সম্পূৰ্ণ কাহিনী জ্ঞাত নহয় যদিও পৰিস্থিতিটোৱে তেওঁক যথেষ্ট দুখ দিছে। আইন গুৰুত্বপূৰ্ণ যদিও আমি এই কথা পাহৰিব নালাগে যে আমি মানুহৰ সৈতে আচৰণ কৰিছো। আমি ইয়াতকৈ মানৱীয় উপায় বিচাৰি উলিয়াব লাগে। আনহাতে আজি পুৱা ৯ বাজি ৩ মিনিটত পাপনে টুইটাৰযোগে আগবঢ়ায় দ্বিতীয়টো মন্তব্য। তাত শিল্পীগৰাকীয়ে কয় যে আইনৰ কথাটো স্পষ্ট যদিও আমি স্থান-কাল-পাত্ৰৰ কথাও পাহৰিব নালাগে। তেওঁ এই মন্তব্যৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীক আমচাঙ অভয়াৰণ্যত চলা উচ্ছেদৰ বিষয়টো বিবেচনা কৰি চাবৰ বাবে আহ্বান জনাইছে বুলি অনুমান কৰিব পাৰি। কাৰণ তেওঁ নিজৰ পোষ্টটোত মুখ্য মন্ত্ৰীক টেগ কৰে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ প্ৰশাসনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ক্ৰমে যোৱা ২৭ নৱেম্বৰৰ পৰা উচ্ছেদ অভিযান চলোৱা হৈছিল। কিন্তু ৰাজ্যৰ সৰ্বত্ৰে প্ৰশাসনৰ নিৰ্দয়তা দেখি ব্যাপক প্ৰতিক্ৰিয়া হোৱাত যোৱা ২৯ নৱেম্বৰৰ পৰা ইয়াৰ বাসভূমিত উচ্ছেদ বন্ধ ৰাখিছে।

Related News