আমছু-শূন্য হ’ল শিৱসাগৰ জিলা : শিৱসাগৰ জিলাৰ সকলো সমিতি, সদস্যৰ সমূহীয়া পদত্যাগ

AMSU_Sivasagar

শিৱসাগৰৰ প্ৰেছ ক্লাবত আমছুৰ পদত্যাগী জিলা সমিতিৰ নেতৃত্বৰ সংবাদমেল।

সংঘাত আৰু বিভাজনৰ মাজেৰে আগবঢ়া ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সংগঠন সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়ন(আমছু)ৰ বিপৰ্য্যয় অব্যাহত আছে।

আজি সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ লগতে জিলাখনৰ ২৮খন পুৰুষ আৰু ৮খন মহিলা আঞ্চলিকে সূমহীয়াকৈ পদত্যাগ কৰাত এই বিপৰ্য্যয়ৰ মাত্ৰা বৃদ্ধি পালে।

জিলা সভাপতি ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত আজি এই জিলা আৰু আঞ্চলিক সমিতিকেইখনে সমূহীয়া পদত্যাগ কৰে। তাৰ বাবে  শিৱসাগৰৰ প্ৰেছ ক্লাবত আয়োজন কৰিছিল পদত্যাগ কৰা সমিতিৰ নেতৃত্বই। এই উদ্দেশ্যে এখন সংবাদমেল দি নেতৃত্বই এই সমুহীয়া পদত্যাগৰ কথা ঘোষণা কৰে।

সমূহীয়া পদত্যাগৰ কাৰণ হিচাপে সংগঠনটোত বৰ্তমান চলি থকা ক্ষমতাকেন্দ্ৰিক যুঁজৰ কথা উল্লেখ কৰে পদত্যাগী নেতৃত্বই।

উল্লেখযোগ্য যে বৰ্তমান ‘আমছু’ৰ কেন্দ্ৰীয় সমিতি দুটা ভাগত বিভক্ত হৈ পৰিছে। এটা ভাগৰ নেতৃত্বত ৰেজাউল কৰিম সৰকাৰ থকাৰ বিপৰীতে আনটো ফৈদৰ নেতৃত্বত আছে আজিজুৰ ৰহমান। শীৰ্ষ নেতৃত্বৰ এই সংঘাত আৰু ক্ষমতাকেন্দ্ৰিক যুঁজত বহু সংখ্যক তৃণমূল কৰ্মকৰ্তা আৰু সদস্যই সংগঠনটোৰ ওপৰত আস্থা হেৰুৱাই পেলোৱা বুলি জানিব পৰা গৈছে।

মন কৰিব লগীয়া যে উজনি অসমৰ মুচলমান সমাজত বিশেষ খোপনি ৰাখিবলৈ সক্ষম নোহোৱা সংগঠনটোৱে শিৱসাগৰ জিলা সভাপতি তথা কেন্দ্ৰীয় সহ সম্পাদক ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত আগুৱাই যোৱাৰ চেষ্টা কৰিছিল।

কিন্তু জিলা সমিতি আৰু সকলো আঞ্চলিক সমিতিয়ে পদত্যাগ কৰাৰ লগতে সদস্যসকলেও সংগঠনটোৰ প্ৰাথমিক সদস্যপদো ত্যাগ কৰাত আজিৰ পৰা আমছু-শূন্য হয় শিৱসাগৰ জিলা।