NORTHEAST NOW (Assamese)

ইয়াত যিমানখিনি লোক আজি দেখিছো, সেইসকলৰ কিছুমান আগতে কংগ্ৰেছী আছিল : নেডাৰ মঞ্চত হাগ্ৰামা

May 20, 2018 11:33 pm · কল্পজ্যোতি শইকীয়া
নেডাৰ তৃতীয় অভিৱৰ্তনত ভাষণ দি থকা অৱস্থাত হাগ্ৰামা মহিলাৰী।

“আমাক চিকিৎসা মহাবিদ্যালয় দিম বুলি কৈছিল, কিন্তু দিয়া নাই কিয়?” আজি নেডাৰ সভাত উপস্থিত থকা বি পি এফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বক্তৃতা দি থকা অৱস্থাতে মঞ্চত বহি থকা মন্ত্ৰী ড০ হিমন্ত বিশ্বক পোনপটীয়াকৈ এই প্ৰশ্ন কৰে, যিসময়ত মঞ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহো বহি আছিল। পোনপটীয়া প্ৰশ্নত বিব্ৰত হিমন্তক নিজৰ অস্বস্তি লুকুৱাবৰ চেষ্টা কৰা দেখা গ’ল।

মহিলাৰীয়ে লগতে কয়, “আমাৰ বিটিচিৰ কিছুমান সৰু সৰু সমস্যা আছে। হিমন্ত বিশ্ব শৰ্মায়ো এই কথা জানে।” তেওঁ চিকিৎসা মহাবিদ্যালয়খন সোনকালে দিব লাগে বুলিও দাবী কৰে।

উল্লেখযোগ্য যে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নেডাৰ তৃতীয়খন অভিৱৰ্তন অনুষ্ঠিত হৈছিল। ইয়াত উত্তৰ-পূবত বিজেপিৰ মিত্ৰ দলবোৰৰ প্ৰতিনিধি উপস্থিত আছিল।

নিজৰ ভাষণৰ সময়ত মহিলাৰীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সন্মুখতে স্বাস্থ্য মন্ত্ৰীজনে তেওঁক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ তোলে।

তাৎপৰ্য্যপূৰ্ণভাৱে অমিত শ্বাহে উত্তৰ-পূবত বিজেপি শাসনলৈ অহাৰ পিছত হত্যা-হিংসা হোৱা নাই বুলি কোৱাৰ সময়তে হাগ্ৰামাই নিজৰ বক্তব্যত উত্তৰ-পূবৰ মূল সমস্যাটো হৈছে উগ্ৰপন্থীৰ সমস্যা বুলি কয়।

তেওঁ কয়, “উন্নয়ন হোৱাটো ডাঙৰ কথা নহয়, কেন্দ্ৰ পৰা ধন আহি থাকিব, নতুন নতুন উন্নয়নমূলক কাম কৰি থাকিব। এইটোৰ সমান্তৰালকৈ অসমত আলফা, এন ডি এফ বি ইত্যাদি উগ্ৰপন্থী সংগঠনসমূহৰ সমস্যাসমূহ সমাধান কৰাটো বিচাৰো।”

তেওঁ আকৌ প্ৰশ্ন কৰে, “দুৰ্য্যোগ প্ৰশমন বিভাগকে ধৰি বি টি চি কাউন্সিলক ৪০ টা বিভাগ দিম বুলি কৈছিল, কিন্তু এতিয়ালৈকে দুৰ্য্যোগ প্ৰশমন বিভাগটো কিয় দিয়া নাই। ৪০ টা বিভাগ দিম বুলি আপোনালোকেই চুক্তি কৰিছিল বড়োলেণ্ড কাউন্সিলৰ সৈতে। এই বিভাগটো দিলে কি পৃথক ৰাজ্য হৈ যাব নেকি? বানপানীয়েই হওক, মাৰপিটেই হওক– এই ঘটনাবিলাকৰ কাৰণে আমি সাহায্য দিব লাগে। এই বিভাগটো দিলেহে সাহায্যবোৰ দিব পাৰিম। অসম চৰকাৰৰ ফালৰ পৰা সাহায্য আহোতে বহুত দেৰি হয়।”

আনহাতে অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ অমিত শ্বাহক নেডাৰ বৈঠকতে মুকলিকৈ আহ্বান জনোৱাৰ প্ৰসংগটো উত্থাপন কৰি হাগ্ৰামাই কয়, “মোৰ হিচাপত এনেকুৱা হ’ব লাগে যে সাপো নমৰক, লাঠীও নাভাগক। আপোনালোকে জানে যে এই বিলখনক লৈ অসমত বহুত হাংগামা লাগি আছে।”

শেষৰ ফালে হাগ্ৰামাই বিজেপি দলৰ প্ৰশংসাত পঞ্চমুখ হৈ কয়, “২০১৯ ৰ লোকসভা নিৰ্বাচনত আমাৰ মিত্ৰজোঁট ১০০ শতাংশই জয় লাভ কৰিব। আজি উত্তৰ-পূবৰ ৰাজনৈতিক পৰিস্থিতি ঠিকেই আছে, কাইলৈও ঠিক থাকিব। এইটো চিন্তা নকৰিব। মোৰ দৃষ্টিত উত্তৰ-পূবৰ বিজেপিৰ মিত্ৰজোঁট ঠিকেই চলি আছে।”

আনহাতে আওপকীয়াকৈ ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আন আন প্ৰাক্তন কংগ্ৰেছী নেতাসকলক ইতিকিংসূচক মন্তব্য কৰি হাগ্ৰামাই কয়, “ইয়াত যিমানখিনি লোক আজি দেখিছো, সেইসকলৰ কিছুমান আগতে কংগ্ৰেছী আছিল।”

Related News