‘আমি’ আৰু ‘তেওঁলোক’ দুখন পতাকাৰ তলত আমাক কোনে থিয় কৰালে?

Public hearing JPC

জেপিচিয়ে অসমলৈ আহি জনসাধাৰণৰ মত লোৱাৰ দৃশ্য। ফাইল ফটো।

অসম আন্দোলনৰ দুঃস্মৃতি এতিয়াও আমাৰ সমাজ-মনস্তত্ত্বত ওলমি আছে। বিদেশী বিতাড়ন নাম আছিল যদিও আন্দোলনটো ঘাইকৈ অসমীয়া-বাঙালীৰ সংঘাতত পৰিণত হৈছিল। বিদেশীমুক্ত অসম তথা স্বজাতিৰ স্বাৰ্থ ৰক্ষাৰ ভেটিত আন্দোলনটোৱে মূৰ দাঙি উঠিছিল যদিও ভাষা ভিত্তিক সাম্প্ৰদায়িকতা আৰু ধৰ্ম ভিত্তিক সাম্প্ৰদায়িকতা লাহে লাহে ইয়াৰ প্ৰধান চালিকা শক্তি হৈ পৰিছিল। বহুতে এই কাৰণতে, আন্দোলনটোৰ কিছু যুক্তিযুক্ততা থাকিলেও ইয়াৰ গতিবিধিৰ বাবেই ঘোৰ বিৰোধিতা কৰিছিল।

এই কথা নক’লেও হ’ব যে আন্দোলনটোৰ ফলত সম্প্ৰীতি চিৰকাললৈ বিনষ্ট হৈছিল ৰাজ্যখনত থকা বিভিন্ন ভাষিক আৰু ধৰ্মীয় সম্প্ৰদায়বোৰৰ মাজত।

যি নহওক, এতিয়া সেয়া এটুকুৰা শুকাব ধৰা ঘা। আন্দোলনটো সম্পৰ্কত ইতিপূৰ্বে বহুতো অস্ত্ৰোপচাৰ হ’ল। ইয়াৰ কুফলবোৰ সম্পৰ্কতো পৰ্য্যালোচনা চলিল। কেৱল পণ্ডিত শ্ৰেণীয়েই নহয়, সাধাৰণ মানুহেও ইয়াৰ মৰণোত্তৰ পৰীক্ষা কৰিলে নিজৰ সাধাৰণ মনৰ পৰীক্ষাগাৰটোতে। ফলত সামগ্ৰিকভাৱে সমাজখন আগতকৈ পৰিপক্ব হৈ পৰা যেন ভাব হয়। কোনো বিক্ষিপ্ত সাম্প্ৰদায়িক ঘটনাই এতিয়া মানুহক ভুল বাটে লৈ যাব নোৱৰা হ’ল (আইছিছৰ পতাকা, মন্দিৰত গোমাংস, মচজিদত গাহৰিৰ মূৰ ঘটনাবোৰলৈ মনত পেলাব পাৰি)। সমাজত সহন, আত্মীকৰণ, কুটুম্বিতাৰ উপাদানবোৰ বাঢ়িল।

কিন্তু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কে আমাক, বিশেষকৈ অসমীয়া মানুহ আৰু অসমৰ বাঙালী সমাজক পুনৰ পৰস্পৰৰ শত্ৰুৰ ৰূপত থিয় কৰালেহি নেকি? আজিৰ তাৰিখত এই প্ৰশ্নটোৱে মনলৈ আহিছে।

‘আমি অসমীয়া’ আৰু ‘আমৰা বাঙালী’ৰ পতাকাৰ তলত স্বাৰ্থৰ সংঘাতমুখী দুটা শক্তি উৎপন্ন কৰিলে নেকি এই নাগৰিকত্ব বিধেয়কে?

বিধেয়কখনৰ অন্যান্য গুৰুতৰ কু-দিশবোৰ, যেনে- সংবিধানৰ ধৰ্মীয় নিৰপেক্ষতা বৈশিষ্ট্যত কুঠাৰাঘাত, আদিৰ কথা নক’লেও এই বিধেয়কে অসমীয়া-বাঙালী, হিন্দু-মুচলমান, বৰাক-ব্ৰহ্মপুত্ৰ, ‘ভাৰত মাতা কী জয়’ আৰু ‘জয় আই অসম’ এইবোৰ ‘পতাকা’ৰ অধীনত সমাজখনক বিপৰীত স্থিতিৰ স্পষ্ট পক্ষত ভাগ কৰিলে। সকলোৰে মুখত এতিয়া ‘আমি’ আৰু ‘তেওঁলোক’। আৰু এইটো হৈছে আটাইতকৈ বেছিকৈ সমন্বয়ৰ কথা কোৱা মুখ্য মন্ত্ৰীজনৰ দিনত। আনকি ৰাজনৈতিক দলবিলাকৰ মাজত যি ধৰণৰ স্পষ্ট শত্ৰুতা আগত নাছিল, এতিয়া এই অবাঞ্ছিত মাত্ৰাৰ শত্ৰুতাই মূৰ দাঙি উঠিল।

কেন্দ্ৰত বিজেপিৰ চৰকাৰ অহাৰ পৰাই দেশত এনেকুৱা বিভাজন স্পষ্ট হৈ পৰিছিল। কিন্তু নাগৰিকত্ব বিধেয়কে অসমত বিভাজনটোক অধিক সুস্পষ্ট আৰু বহল কৰিলে। এই ঘা টুকুৰা কেতিয়াবা শুকাব নে নুশুকায় এতিয়াই ক’ব নোৱাৰি। কিন্তু এটা কথা ঠিক যে নাগৰিকত্ব বিধেয়ক গৃহত হওকেই বা নহওকেই অসমত সকলো সম্প্ৰদায়ৰ লগতে অসমীয়া আৰু বাঙালী সম্প্ৰদায়েও বন্ধুত্বপূৰ্ণ সহাৱস্থান কৰাতকৈ মংগলজনক সমীকৰণ আন একো হ’ব নোৱাৰে।