আমেৰিকাতো ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক স্মৰণ : গুৱাহাটীত মুম্বাইৰ সাহিত্য সভাৰ আহ্বায়কক সম্বৰ্ধনা

pratidintv_1512972021

সুদুৰ আমেৰিকাত থাকিও অসমীয়া ভাষা সাহিত্যক চহী কৰি থৈ যোৱা মণিষী সকলক পাহৰি যোৱা নাই একাংশ অসমীয়াই ৷ তাৰেই এক সুন্দৰ নিদৰ্শন দেখুৱালে মঙলবাৰে আমেৰিকাৰ নিউ জাৰ্ছি চহৰত বাস কৰা একাংশ অসমীয়াই ৷

আমেৰিকাৰ অতি ব্যস্ততা পূৰ্ণ জীৱনৰ মাজত থাকিও মঙলবাৰে অসমীয়া ভাষাৰ ওজা তথা হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাক স্মৰণ কৰে ৷ এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে তেওঁৰ অসমীয়া ভাষাৰ প্ৰতি আগবঢ়োৱা অৱদানক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৷

আনহাতে, মুম্বাইত যোৱা মাহত গঠন কৰা অসম সাহিত্য সভাৰ শাখা ” গগনা সাহিত্য সভা”ৰ আহ্বায়ক নয়নজ্যোতি ভূঞাক বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্য্যালয়ত সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে উপস্থিত সকলোৱে মুম্বাইত অসম সাহিত্য সভাৰ সাংঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে।

এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, বিত্তীয় কোষৰ আহ্বায়ক অৱনী মোহন চহৰীয়া, গুৱাহাটী কাৰ্য্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মা আৰু প্ৰচাৰ বিভাগৰ আহ্বায়ক প্ৰফুল্ল বৰ্মন, কোষাধ্যক্ষ কনক বৰা আৰু ৰাজ্য ভাষা আৰু মাতৃ ভাষা প্ৰয়োগ উপ- সমিতিৰ আহ্বায়ক হৃদয়ানন্দ গগৈ উপস্থিত থাকে ৷

সাহিত্য সভাৰ সূত্ৰই জনায় যে আজি গুৱাহাটী কাৰ্যালয়ৰ নতুন তিনি মহলা ভৱন নিৰ্মাণৰ আধাৰ শিলা স্থাপন অনুষ্ঠান ৰাতিপুৱা ৯-৩০ বজাত অনুষ্ঠিত হব। উক্ত অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰিছে সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদকে।