আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে, আমেৰিকাৰ ক’লৰাড’ৰ ৰাজধানী ডেনভাৰৰ এটা বিমানবন্দৰত ৰখাই থোৱাৰ সময়তে আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানত জুই লাগে।
ঘটনাৰ সময়ত সমগ্ৰ অঞ্চল ক’লা ধোঁৱাই আৱৰি ধৰে আৰু আতংকিত যাত্ৰীসকলে বিমানখনৰ ডেউকাত আশ্ৰয় লৈছিল প্ৰাণ ৰক্ষা কৰে ।
বিমানখনত ১৭২ গৰাকী যাত্ৰী আৰু ৬ গৰাকী ক্ৰু মেম্বাৰ আছিল।
এই ঘটনাৰ ভিডিঅ’ ফুটেজত দেখা গৈছে যে বিমানখনৰ উইংত যাত্ৰীসকল থিয় হৈ আছে আৰু বিমানখনৰ তলৰ ফালে জুই জ্বলি আছে।
জানিব পৰা মতে, বিমানখনৰ পৰা সকলো যাত্ৰীক নিৰাপদে উলিয়াই অনা হৈছে । ঘটনাৰ কাৰণ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে সংস্থাটোৱে।
বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, সামান্য আঘাতপ্ৰাপ্ত ১২ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। অৱশ্যে এই ঘটনাত কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই।