• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2025 8:50 pm
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ একাংশ দুষ্কৃতিকাৰীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় গুৱাহাটীস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছৰ সা-সম্পত্তি ধ্বংস কৰাৰ বিৰুদ্ধে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা স্থানীয় ভঙাগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হয়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই স্বাক্ষৰ কৰা গোচৰত বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে ৰাজীৱ ভৱনৰ সমুখত কৰা দুষ্কাৰ্যৰ তথ্য, ভিডিঅ’ ফুটেজ আৰু প্ৰত্যক্ষদৰ্শীৰ বিৱৰণৰ ওপৰত অভিযোগ দাখিল কৰা হয়। বিজেপিৰ একাংশ লোকে ৩১ আগষ্টত দিনৰ ১ বজাত ভঙাগড়ৰ দিশৰ পৰা আহি আৰক্ষীৰ বাধা নেওচি আৰক্ষীৰ সন্মুখতে তেওঁলোকে বেআইনীভাৱে কংগ্ৰেছৰ ডাঙৰ ডাঙৰ হৰ্ডিং ভাঙি নষ্ট কৰে। অকল সেয়াই নহয়, আৰক্ষী বিষয়াৰ লগতো খণ্ডযুদ্ধ কৰি আৰক্ষীৰ খাকী পোছাকত ক’লা দাগ লগাই দিয়ে।

Apply Now

যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দল-সংগঠনক আন্দোলন কৰাত বাধা দিয়ে সেই সময়ত নিজৰ দলৰ কৰ্মীক আন্দোলনত বাধা নিদিয়া কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই গোচৰৰ জৰিয়তে বিজেপিৰ গুণ্ডাগিৰিক তীব্ৰ ভাষাৰে নিন্দা কৰে। ভাৰতীয় ন্যায় সংহিতাৰ ৯১, ১৯১, ১৯২, ১৩১, ১৩২, ৩২৪, ৩২৯ আৰু ৩৫১ ধাৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি ভিডিঅ’ ফুটেজত প্ৰত্যক্ষ কৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰত্না সিং, ৰূপম গোস্বামী, জুৰি শৰ্মা বৰদলৈ, গুঞ্জন বৰ্মন, ৰঞ্জীৱ শৰ্মা, নিহাৰেন্দ্ৰ শৰ্মা, পূৰবী ৰয় আৰু সিদ্ধাংকু অংকুৰ বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

এক বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰি বিজেপিৰ একাংশ গুণ্ডা প্ৰকৃতিৰ লোকে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ লগতে শোণিতপুৰ জিলা কংগ্ৰেছ আৰু নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়তো আক্ৰমণ চলাইছে। প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কোনো বক্তব্য প্ৰদান কৰা নাই আৰু যি অভিযোগ উত্থাপন কৰা হৈছে সেই সভাখনত ৰাহুল গান্ধীয়ে সভাকক্ষ এৰাৰ ১৬ মিনিটৰ পিছত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজন কৰ্মী মহম্মদ ৰিজভিয়ে মন্তব্য প্ৰদান কৰিছিল আৰু সেই লোকজনক ইতিমধ্যে বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

কোনো তথ্য প্ৰমাণ নোহোৱাকৈ কেৱল মিথ্যাচাৰৰ দ্বাৰাই কংগ্ৰেছক বদনামী কৰা ভাৰতীয় জনতা পাৰ্টীৰ এই নেতাসকলক প্ৰত্যাহ্বান জনাই ভূঞাই কয় যে ৰাহুল গান্ধীয়ে যদি কিবা কথা কৈছিল তাৰ তথ্য তেওঁলোকে ৰাজহুৱা কৰক আৰু এটা ৰাজনৈতিক দলৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ পৰিৱৰ্তে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাতো গণতন্ত্ৰৰ প্ৰতি ভাবুকিস্বৰূপ।

এই অশুভ পৰম্পৰা বিজেপিয়ে আৰম্ভ কৰা বুলি উল্লেখ কৰি ভূঞাই কয় যে ৰাজনৈতিক দলৰ কাৰ্যালয় আক্ৰমণ কৰা এই ঘটনা ইতিহাসত ক’লা আখৰেৰে লিখা থাকিব।

ইফালে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ৰাজীৱ ভৱনত বিজেপিৰ নেতা-কৰ্মীয়ে চলোৱা আক্ৰমণ নিম্ন মানসিকতাৰ পৰিচায়ক বুলি উল্লেখ কৰি কয় যে হতাশগ্ৰস্ত একাংশ ক্ষমতালোভী মানুহে নিজৰ গাদী আৰু সা-সুবিধা হেৰোৱাৰ আশংকাত এইদৰে ক্ষোভৰ বৰ্হিঃপ্ৰকাশ কৰিছে। বিজেপিৰ দুষ্কৃতিকাৰীৰ এই কাণ্ড অসমৰ ৰাইজে নীৰৱে হ’লেও সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থকা বুলিও বৰাই উল্লেখ কৰে। ভঙাগড় আৰক্ষী থানাত গোচৰ দিবলৈ যোৱা দলটোত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মোহন বসুমতাৰী, মেহদী আলম বৰা, বেদব্ৰত বৰা, ৰূপক দাস, মুখপাত্ৰ উপেন ৰাজনাথ, ছাইজুদ্দিন আহমেদ, আনোৱাৰ হুছেইন, মোস্তাক গোলাম ওছমানি উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd