ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক বিদ্যুৎ কটকীৰ ‘শৈশৱতে ধেমালিতে’ ছবিখন বাণিজ্যিকভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি দিবলৈ সাজু হৈ উঠিছে। এনেধৰণে আন্তৰ্জাতিকভাৱে মুক্তি দিয়া এইখনেই হ’ব প্ৰথম অসমীয়া চলচ্চিত্ৰ। ‘শৈশৱতে ধেমালিতে’ ছবিখনে ইতিমধ্যে কেইবাটাও বঁটা আৰু সন্মান দেশৰ লগতে বিদেশতো বুটলিবলৈ সক্ষম হৈছে।
গোটেই দেশৰে বিভিন্ন চিত্ৰগৃহত মুক্তি দিবলৈ বিতৰক কোম্পানী মিডিয়া কানেক্টে ব্যৱস্থা গ্ৰহণ কৰিছে। চলচ্চিত্ৰখনে বিশ্বৰ উদিয়মান চলচ্চিত্ৰ নিৰ্মাতাৰ কৰ্মৰ প্ৰদৰ্শনী হিচাপে আয়োজন কৰা সপ্তম বাৰ্ষিক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় উইন্টাৰ ফিল্ম এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে। অহা ২২ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত ৩১ খন দেশৰ বিভিন্ন বিষয়বস্তুক লৈ নিৰ্মাণ কৰা ৯৩ খন চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব।
গোটেই বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীয়ে ‘শৈশৱতে ধেমালিতে’ ছবিখনত প্ৰতিফলিত হোৱা অসমৰ জনজীৱনৰ আৱেগৰ বাস্তৱ প্ৰতিচ্ছৱি এখন উপভোগ কৰিব। ভৌগলিক সীমা অতিক্ৰমি অসমীয়া ছবি এখনে মুক্তি পোৱাৰ এই ক্ষণত উৎফুল্লিত হৈ পৰিছে পৰিচালক বিদ্যুৎ কটকী।
আশীৰ দশকৰ অসম আন্দোলনৰ বিধ্বস্ত সময়ৰ মাজত ডাঙৰ হোৱা এটি শিশুৰ মনস্তাত্ত্বিক যাত্ৰাৰ কাহিনী দাঙি ধৰা চলচ্চিত্ৰখনে জানুৱাৰিৰ শেহৰ ভাগত অসমত মুক্তি লাভ কৰিব।
মুম্বাইৰ ইণ্ডিয়া ষ্ট’ৰিছ নামৰ প্ৰডাকছন হাউছৰ সৈতে ধ্ৰুৱ ক্ৰিয়েটিভ প্ৰডাকছন আৰু কুৰ্মাসনা ক্ৰিয়েটছে প্ৰযোজনা কৰা ‘শৈশৱতে ধেমালিতে’ ছবিখনত অভিনয় কৰিছে ভিক্টৰ বেনাৰ্জী, দিপান্বিতা শৰ্মা, নকুল বৈদ, নাভেদ আছলাম, নিপন গোস্বামী, নিকুমনি বৰুৱাৰ লগতে এজাক শিশুৱে।
চলচ্চিত্ৰখন অহা ২৭ জানুৱাৰীৰ পৰা বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া সন্মানীয় একাদশ আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবেও নিৰ্বাচিত হৈছে।