• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকা যুক্তৰাষ্ট্ৰত বাণিজ্যিকভাৱে মুক্তিৰ বাবে সাজু প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘শৈশৱতে ধেমালিতে’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 3:55 pm
শৈশৱতে ধেমালিতে চলচ্চিত্ৰখনৰ এটি দৃশ্য

শৈশৱতে ধেমালিতে চলচ্চিত্ৰখনৰ এটি দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক বিদ্যুৎ কটকীৰ  ‘শৈশৱতে ধেমালিতে’ ছবিখন বাণিজ্যিকভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি দিবলৈ সাজু হৈ উঠিছে। এনেধৰণে আন্তৰ্জাতিকভাৱে মুক্তি দিয়া এইখনেই হ’ব প্ৰথম অসমীয়া চলচ্চিত্ৰ। ‘শৈশৱতে ধেমালিতে’ ছবিখনে ইতিমধ্যে কেইবাটাও বঁটা আৰু সন্মান দেশৰ লগতে বিদেশতো বুটলিবলৈ সক্ষম হৈছে।

গোটেই দেশৰে বিভিন্ন চিত্ৰগৃহত মুক্তি দিবলৈ বিতৰক কোম্পানী মিডিয়া কানেক্টে ব্যৱস্থা গ্ৰহণ কৰিছে। চলচ্চিত্ৰখনে বিশ্বৰ উদিয়মান চলচ্চিত্ৰ নিৰ্মাতাৰ কৰ্মৰ প্ৰদৰ্শনী হিচাপে আয়োজন কৰা সপ্তম বাৰ্ষিক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় উইন্টাৰ ফিল্ম এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে। অহা ২২ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত ৩১ খন দেশৰ বিভিন্ন বিষয়বস্তুক লৈ নিৰ্মাণ কৰা ৯৩ খন চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব।

Apply Now

গোটেই বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীয়ে ‘শৈশৱতে ধেমালিতে’ ছবিখনত প্ৰতিফলিত হোৱা অসমৰ জনজীৱনৰ আৱেগৰ বাস্তৱ প্ৰতিচ্ছৱি এখন উপভোগ কৰিব। ভৌগলিক সীমা অতিক্ৰমি অসমীয়া ছবি এখনে মুক্তি পোৱাৰ এই ক্ষণত উৎফুল্লিত হৈ পৰিছে পৰিচালক বিদ্যুৎ কটকী।

আশীৰ দশকৰ অসম আন্দোলনৰ বিধ্বস্ত সময়ৰ মাজত ডাঙৰ হোৱা এটি শিশুৰ মনস্তাত্ত্বিক যাত্ৰাৰ কাহিনী দাঙি ধৰা চলচ্চিত্ৰখনে জানুৱাৰিৰ শেহৰ ভাগত অসমত মুক্তি লাভ কৰিব।

মুম্বাইৰ ইণ্ডিয়া ষ্ট’ৰিছ নামৰ প্ৰডাকছন হাউছৰ সৈতে ধ্ৰুৱ ক্ৰিয়েটিভ প্ৰডাকছন আৰু কুৰ্মাসনা ক্ৰিয়েটছে প্ৰযোজনা কৰা ‘শৈশৱতে ধেমালিতে’ ছবিখনত অভিনয় কৰিছে  ভিক্টৰ বেনাৰ্জী, দিপান্বিতা শৰ্মা, নকুল বৈদ, নাভেদ আছলাম, নিপন গোস্বামী, নিকুমনি বৰুৱাৰ লগতে এজাক শিশুৱে।

চলচ্চিত্ৰখন অহা ২৭ জানুৱাৰীৰ পৰা বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া সন্মানীয় একাদশ আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবেও নিৰ্বাচিত হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd