আলফা সদস্যক বন্দী কৰি ৰাখিলে এন এছ চি এন (আই এম)ৰ গোটে

?

এটা চাঞ্চল্য সৃষ্টি কৰিব পৰা খবৰৰ সূত্ৰমতে আলফা (স্বাধীন)ৰ দুজন সদস্যক অস্ত্ৰ-শস্ত্ৰৰ সৈতে চাংলাং জিলাৰ নামদপা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজত এন এছ চি এন (আই এম)ৰ এটা গোটে বন্দী কৰি ৰাখে। সূত্ৰটোৱে জনোৱা মতে আলফা (স্বা)ৰ সদস্য দুজনৰ এজনৰ নাম টাইগাৰ অসম ওৰফে বাঘ ফুকন হ’ব পাৰে, কাৰণ বাঘ ফুকনে মিয়াও-বিজয়নগৰ পথত অভিযান চলোৱাৰ কথা আছিল বুলি জানিব পৰা গৈছে। বাঘ ফুকন সম্প্ৰতি ভাৰতৰ সীমাৰ ভিতৰত থাকি ধন দাবীত জড়িত হৈ আছে বুলিও সূত্ৰটোৱে কয়। উক্ত মিয়াও এলেকা এন এছ চি এন ইচাক মুইভা আৰু খাফলাং গোটৰ ভিতৰত পৰে বুলি জনা যায়। সূত্ৰটোৱে লগতে জনায় যে যে এন এছ চি এন (আই এম) -এ যদিও আলফা সদস্যকেইজনৰ একো অপকাৰ কৰা নাই, তথাপি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ তথা টকা-পইচা আদি জব্দ কৰিব পাৰে আৰু এলেকাটোত ভৱিষ্যতে কেতিয়াও আলফা সদস্যই প্ৰৱেশ নকৰাৰ চৰ্ত আৰোপ কৰিব পাৰে। উল্লেখযোগ্য যে এন এছ চি এন (আই এম) আৰু আলফাৰ মাজত অতীততো সংঘাত সৃষ্টিৰ নজিৰ আছে। আনহাতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এন এছ চি এন (আই এম)ৰ সৈতে দীঘলীয়া সম্পৰ্ক আছে আৰু এন এছ চি এন (আই এম)ৰ জ্যেষ্ঠ নেতা কৰ্নেল হাংচিৰ সৈতে ভাল সম্পৰ্ক আছিল। জানিব পৰামতে দুয়োজন চীনৰ একেটা অঞ্চলতে আশ্ৰয় লৈ আছে। অৱশ্যে ঘটনা সন্দৰ্ভত এই পৰ্য্যন্ত দুয়োটা পক্ষৰ পৰা নিজা ববীয়াকৈ প্ৰেৰণ কৰা কোনো জাননী বা বিজ্ঞপ্তি লাভ কৰা নাই।