আলফা (স্বাঃ)লৈ জনসমৰ্থন ঊৰ্ধ্বমুখী? পুতলা বন্দুকৰ সৈতে মঙলদৈত আটক আলফা-সমৰ্থক নাবালক

Paresh-Barua c-in-c ulfa assam

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দাবী কৰাৰ দৰে অসমত শেহতীয়াকৈ দ্ৰুতগতিত বাঢ়িছে নেকি পৰেশ অসম নেতৃত্বাধীন আলফা (স্বাঃ)লৈ জনসমৰ্থন? মঙলদৈত আলফা ( ULFA )ক সমৰ্থন কৰি পুতলা বন্দুক-বাৰুদৰ সৈতে এজন নাবালক আজি ৬ মে’ত আৰক্ষীৰ হাতত আটক হ’ব লগাক লৈ বহুতৰ মনত এই প্ৰশ্নৰে উদয় হৈছে।

মঙলদৈ আৰক্ষীৰ সূত্ৰ অনুসৰি তিনিচুকীয়াৰ বৰদুমচাত ৪ মে’ত আলফা (স্বাঃ) আৰু অসম আৰক্ষী-চি আৰ পি এফৰ মাজৰ ভয়াৱহ সংঘৰ্ষক লৈ এগৰাকী লোকে আলফাৰ সমৰ্থনত আৰু অসম আৰক্ষীক গালি পাৰি ফে’ছবুকত বিভিন্ন মন্তব্য কৰিছিল। পিছত ফে’ছবুকত অনুসন্ধানযোগে উক্ত মন্তব্য কৰা লোকজনক বিচাৰি গৈ মঙলদৈ আৰক্ষীয়ে বামুণপাৰাৰ ঘৰত উপস্থিত হোৱাত পোহৰলৈ আহে যে ফে’ছবুকত আলফাৰ সমৰ্থন কৰা লোকজন আন কোনো নহয় সেই নাবালকগৰাকী!

আনহাতে নাবালকগৰাকীৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে এটা পুতলা পিস্তলৰ লগতে তাৰ গুলীও উদ্ধাৰ কৰে। কিন্তু লক্ষণীয় কথাটো হ’ল দৰং আৰক্ষী অধীক্ষক শ্ৰীজিথ টিৰ মতে নাবালকজনে পুতলা বোমাৰ পৰা খাৰ উলিয়াই পুতলা পিস্তলৰ গুলীত ভৰাই গুলীসমূহ অধিক বেগী কৰি তোলাৰ কৌশল কৰিছিল।

নাবালকজনে আৰক্ষীৰ আগত কোৱা মতে ইউ টিউবৰ ভিডিঅ’ চাই তেওঁ এই কাম শিকিছিল।

ঘটনাটোৰ তদন্ত চলাই থকা বুলি উল্লেখ কৰি দৰং আৰক্ষীয়ে জনাই যে ইতিমধ্যে অস্ত্ৰ আইন U/S 121 IPC R/W 67 IT ACT R/W 28ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

নাবালকজনে ফে’ছবুক আৰু ইউ টিউবৰ বাবে ব্যৱহাৰ কৰা ম’বাইলটো আৰক্ষীয়ে জব্দ কৰিছে।

অসম তথা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিভিন্ন সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰতিবাদ কৰি অহাৰ পৰতে শেহতীয়াকৈ আলফা (স্বাঃ)ৰ তৎপৰতা বৃদ্ধিৰ ইংগিত তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে।