আলফা (স্বাঃ)ৰ সৈতে সংঘৰ্ষৰ পিছতে অৰুণাচল সীমান্তত বৃহৎ অভিযান সেনা বাহিনীৰ

সেনাবাহিনী

দেওবাৰে আলফা (স্বাঃ)ৰ সৈতে হোৱা সংঘৰ্ষৰ পিছতে সেনা বাহিনীয়ে আজি অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তিনিচুকীয়াৰ জাগুন থানাৰ অন্তৰ্গত কাকৰাণী আৰু কথা সংৰক্ষিত বনাঞ্চলত বিদ্ৰোহী সংগঠনটোৰ সদস্যৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰিছে।

সেনাবাহিনীৰ মতে কালিৰ সংঘৰ্ষত আলফা (স্বাঃ)ৰ সদস্য আঘাতপ্ৰাপ্ত হৈছে। সেনা বাহিনীৰ এজন বিষয়াই এন ই নাওক কয়, ‘উগ্ৰপন্থীৰ সন্ধানত আমি আমাৰ অভিযান তীব্ৰতৰ কৰি তুলিছো।’

উল্লেখযোগ্য যে কালি সন্ধিয়া কথাবাৰি সংৰক্ষিত বনাঞ্চলত সন্দেহযুক্ত আলফা (স্বাঃ)ৰ সদস্যই সেনা বাহিনীৰ এটা কনভয়ৰ প্ৰতি গ্ৰেনেড নিক্ষেপ কৰিছিল।

জানিব পৰা মতে সেনা বাহিনীৰ গাড়ীলৈ গ্ৰেনেড নিক্ষেপ কৰাৰ লগে লগে সেনায়ো প্ৰত্যুত্তৰ দিয়ে আৰু ফলত এক সংঘৰ্ষৰ সূত্ৰপাত ঘটে।

চোৰাংচোৱা সূত্ৰৰ মতে আলফা (স্বাঃ)ৰ ৬ জনীয়া এটা দলে আগন্তুক গণৰাজ্য দিৱসৰ পূৰ্বে  অশান্ত পৰিস্থিতি সৃষ্টি কৰাৰ বাবে সংগঠনটোৰ পূব নাগালেণ্ডত থকা ঘাটিৰ পৰা তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিছে।

উল্লেখযোগ্য যে যোৱা কিছু দিন ধৰি আলফা (স্বাঃ) এ তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চল সমূহত ইয়াৰ কূটাঘাতমূলক কাৰ্যকলাপৰ তীব্ৰতা বৃদ্ধি কৰিছে।

অৰুণাচল সীমান্তৱৰ্তী বৰডুমচাৰ দিৰাক-সোণজান গাঁৱৰ অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ অৰুণ মহন্তক যোৱা ১১ ডিচেম্বৰত আলফা (স্বাঃ)ৰ এটা ৪ জনীয়া সশস্ত্ৰ দলে গুলীয়াই হত্যা কৰিছিল।

একেদৰে জাগুনৰ পৰা ৬ কি. মি. দূৰৰ জয়ৰামপুৰৰ খাম্ডু গাঁৱৰ পৰা ১৫ ডিচেম্বৰত দিনদুপৰতে ৰূপম অসমৰ নেতৃত্বত আলফা (স্বাঃ)ৰ ৫ জনীয়া এটা সশস্ত্ৰ দলে অৰুণাভ ফুকন নামৰ এজন যুৱকক অপহৰণ কৰিছিল। অপহৰণৰ ১০ দিন পিছত ২৫ ডিচেম্বৰত আলফা (স্বাঃ)এ তেওঁক মুকলি কৰি দিয়ে।

যোৱা নৱেম্বৰটো নিষিদ্ধ সংগঠনটোৱে অঞ্চলটোৰ এখন চাহ বাগিচাক এছ এম ছ যোগে ধন দাবী কৰিছিল।

অহা ফেব্ৰুৱাৰি মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বিনিয়োগ সন্মিলনৰ সময়ত সংগঠনটোৱে অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলিও আৰক্ষীয়ে আশংকা প্ৰকাশ কৰিছে।