আলফা (স্বাধীন)ৰ শোকপ্ৰকাশ : ভূপেন বৰগোহাঁইৰ মৃত্যু ‘অসমবাসী থলগিৰীৰ বাবে অপূৰণীয় ক্ষতি’

সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা ( ULFA ) প্ৰতিষ্ঠাপক সদস্য তথা প্ৰথমগৰাকী বিত্ত সম্পাদক ভূপেন বৰগোহাঁইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আলফা স্বাধীনে। ‘অসমৰ স্বাধীনতা অধিকাৰৰ আজন্ম পৃষ্ঠপোষক এইগৰাকী অসম সন্তানৰ বিয়োগ অসমবাসী থলগিৰীৰ বাবে অপূৰণীয় ক্ষতি’ বুলি আলফা (স্বাঃ)ৰ শোকবাৰ্তাত কোৱা হৈছে।

‘১৯৮৪ চনত আৰক্ষী বাহিনীৰ বৰ্বৰোচিত অত্যাচাৰত ঘূণীয়া হৈ পৰাত ১৯৮৫ চনত সংগঠনৰ পৰা’ বৰগোহাঁইক ‘অব্যাহতি দিয়া হয়’ বুলি উল্লেখ কৰি আলফা (স্বাঃ)ৰ সহাকাৰী তথ্য ও প্ৰচাৰ সম্পাদক মে’জৰ অৰুণোদয় অসমে প্ৰেৰণ কৰা বিবৃতিটোত তেওঁক ‘স্বাধীন অসমৰ ধ্বজাবাহী’ আৰু ‘প্ৰগতিশীল জাতীয়তাবাদী চিন্তাধাৰাৰ অন্যতম কাণ্ডাৰী’ ৰূপে অভিহিত কৰা হৈছে।

বৰগোহাঁই ‘দখলদাৰী ভাৰতীয় বাহিনীয়ে চলোৱা ৰাইনো, বজৰং অভিযানৰ সময়তো ৰাষ্ট্ৰ সন্ত্ৰাসৰ পাশৱিকতাৰ বলি হয়’ বুলি উল্লেখ কৰি কোৱা হৈছে যে ‘আনকি একাধিকবাৰ কাৰাগাৰৰ অন্ধ কুঠৰিত নিক্ষেপ কৰি অশেষ শাৰিৰীক, মানসিক নিৰ্য্যাতন চলাইছিল যদিও নীতিগত আদৰ্শত তেখেত সদায় অবিচল থাকে।’