আলফা (স্বাঃ)ৰ অ’ভাৰগ্ৰাউণ্ড কৰ্মীৰ পৰা সেনাই জব্দ কৰিলে বিমুদ্ৰাকৰণত অচল হোৱা ১১ লাখ টকা

ডিব্ৰুগড় জিলাৰ আলফা (স্বাঃ)ৰ এজন অভাৰগ্ৰাউণ্ড কৰ্মীৰ বাসগৃহৰ পৰা মঙলবাৰে নিৰাপত্তা বাহিনীয়ে ১১ লাখ টকাৰ বিমুদ্ৰাকৃত মুদ্ৰা জব্দ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি সেনা বাহিনীৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ৰাজপুতনা ৰাইফলচ আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই লাহোৱাল চাংমাই গাঁৱৰ প্ৰদীপ বৰাৰ বাসগৃহৰ পৰা  নিষিদ্ধ ১০০০ আৰু ৫০০ টকীয়া নোটৰ এই ধনখিনি উদ্ধাৰ কৰে। এই সন্দৰ্ভত সঞ্জয় গিৰি আৰু মিলন দলে নামৰ অন্য দুজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হয়। লাহোৱাল আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই কয়, ‘আমি তেওঁলোকক সোধা-পোছা কৰি আছো আৰু নিষিদ্ধ টকাসমূহৰ আঁতিগুৰি উদ্ধাৰৰ চেষ্টা কৰি আছো। আমাৰ সন্দেহ যোৱা বছৰৰ ৮ নৱেম্বৰত নৰেন্দ্ৰ মোদী চৰকাৰে হঠাৎ কৰা বিমুদ্ৰাকৰণৰ ফলত আলফা (স্বাঃ) ই বৈধ মুদ্ৰা লৈ পৰিৱৰ্তিত কৰিব নোৱৰা নগদ ধনৰ ই একাংশ।’ বিমুদ্ৰাকৃত মুদ্ৰা হাতত ৰখাৰ অপৰাধত তেওঁলোকৰ বিৰুদ্ধে লাহোৱাল আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে। স্পেচিফাইড বেংক নোটচ ( চিচেচন অব লায়েবেলিটিচ) এক্ট অনুসৰি ব্যক্তিগতভাৱে ১০ খনতকৈ অধিক আৰু অধ্যয়ন, গৱেষণা বা সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে ২৫ খনতকৈ অধিক পুৰণা নোট জমা ৰখাটো এক অপৰাধ, যাৰ বাবে ১০ হাজাৰ টকা বা জমা ৰখা টকাতকৈ ৫ গুণ অধিক জৰিমনা, যিটো বেছি হয়, ভৰিব লগা হ’ব পাৰে।

উল্লেখযোগ্য যে বিজেপি চৰকাৰে বিমুদ্ৰাকৰণে উত্তৰ-পূৰ্বাঞ্চলৰ সন্ত্ৰাসবাদী দলসমূহক সংকটত পেলাইছে বুলি দাবী কৰি আহিছিল। আনহাতে আলফাই অৰ্থনৈতিক সংকটত পৰা বাবেই পুনৰ ব্যাপক ধন দাবী অভিযান চলাইছে বুলি দুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই দাবী কৰিছিল।