• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 16, 2024 7:42 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ গৈ এগৰাকী যুৱতী কি ধৰণৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈছিল সেয়া কালি সামাজিক মাধ্যমত বিয়পি পৰিছিল আৰু কিদৰে যৌনাংগত স্পৰ্শ কৰি কাপোৰ-কানি খুলি শ্লীলতাহানী কৰাৰ লগতে অযথা পৰীক্ষাৰ আগমূহুৰ্তত মানসিক নিৰ্যাতন চলালে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সেয়া সকলোৰে জ্ঞাত। এই ঘটনা এক বিক্ষিপ্ত ঘটনা নহয় বৰঞ্চ সেই কেন্দ্ৰত চলা নিৰ্যাতনৰ কথা পৰীক্ষাৰ্থী বক্তব্যত প্ৰকাশ হোৱাৰ লগতে সমগ্ৰ ৰাজ্যৰ বিভিন্ন কেন্দ্ৰত এনে ঘটনা পুৰুষ- মহিলাসকলো পৰীক্ষাৰ্থীয়ে সন্মুখীন হৈছে বুলি খবৰ পোৱা হৈছে। সেয়ে সকলো পৰীক্ষাৰ্থীৰ পৰা অভিযোগ গ্ৰহণ কৰাৰ এক ব্যৱস্থা কৰা উচিত। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এনে ঘটনাক কঠোৰতম ভাষাৰে নিন্দা কৰিছে আৰু এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ গৈ যুৱক-যুৱতীসকলে এনেদৰে আত্মসন্মান হেৰুৱাবলগীয়া হোৱাটো অতি চিন্তনীয়। এনে নজিৰবিহীন নিৰ্লজ ঘটনা সমগ্ৰ দেশতেই বিৰল।

যুৱতী গৰাকীয়ে উন্মোচন কৰাৰ ঘটনা সম্পৰ্কত যি বক্তব্য মুখ্যমন্ত্ৰী গৰাকীয়ে তুলি ধৰিছে সেয়া অতি স্পৰ্শকাতৰ আৰু উদ্বেগজনক। তেখেতে সামাজিক মাধ্যমত বিয়পি পৰা ঘটনাৰ আঁত ধৰি বক্তব্য ডাঙি ধৰিবলৈ গৈ বিষয়টোৰ তদন্ত হ’ব বুলি ঘোষণা কৰিছে যদিও তালাচিৰ বৰ্বৰ পদ্ধতিক ন্যায্যতা প্ৰদান কৰিবলৈ গৈ লক্ষীমপুৰৰ অন্য এক ঘটনাৰ উল্লেখ কৰিছে । ইয়াৰ মাজেৰে মুখ্যমন্ত্ৰী গৰাকীৰ অসংবেদনশীল আৰু স্বৈৰাচাৰী মানসিকতা প্ৰকাশ পাইছে। তৃতীয় বৰ্গৰ এই নিযুক্তি পৰীক্ষাটোক লৈ যে কোনো স্পষ্ট নীতি-নিৰ্দেশনা নাছিল সেয়াও মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰাই স্পষ্ট হৈছে কাৰণ তেখেতৰ মতেই “পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্রার্থীক তালাচী চলোৱাৰ সন্দর্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক এছ অ’ পি প্ৰস্তুত কৰা হ’ব।”। অৰ্থাৎ এইবাৰৰ পৰীক্ষাত কোনো স্পষ্ট নিৰ্দেশনা নাছিল। চৰকাৰৰ পৰীক্ষা অনুষ্ঠিত কৰা ক্ষেত্ৰত যথেষ্ট দুৰ্বলতা আছে সেয়া স্পষ্ট। কেৱল কিছুমান “ষ্টাণ্ট” কৰি ৰাজনৈতিক মাইলেজ লোৱাৰ লক্ষ্য পূৰণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে ৰাজ্যৰ যুৱক-যুৱতীয়ে আত্মসন্মান হেৰুৱাবলগীয়া হৈছে। ডি ৱাই এফ আইয়ে দাবী কৰিছে যে কেৱল নলবাৰী ঘটনাৰ তদন্ত ঘোষণা কৰিলেই নহ’ব বৰঞ্চ সকলো পৰীক্ষাৰ্থীৰ অভিযোগ গ্ৰহণ কৰি এটা সামগ্ৰীক তদন্তৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন।

Apply Now

অন্যহাতে সমগ্ৰ নেট কৰ্তন কৰি ৰাজ্যখনৰ নাগৰিকক হাৰাশাস্তি চলোৱা হ’ল। নাগৰিকৰ খং দেখি তথা চৰকাৰৰ স্বৈৰাচাৰী নীতি উন্মোচিত হোৱাত ভৱিষ্যতে কেৱল পৰীক্ষা সমীপৰ টাৱাৰসমূহৰ নেটৱৰ্ক বিকল কৰা হ’ব বুলি প্ৰকাশ কৰিছে। ই পুনৰ চৰকাৰৰ পৰীক্ষা পৰিচালনা সম্পৰ্কে কোনো সুনিৰ্দিষ্ট পৰিকল্পনা নথকাৰ কথা স্পষ্ট কৰিছে। অন্যহাতে খবৰ পোৱা মতে বহু কেন্দ্ৰত নিৰীক্ষকৰ বাবে থকা নিয়মো জলাঞ্জলী দি অযথা হাৰাশাস্তি কৰা হয়। অন্যহাতে নিৰীক্ষক হোৱাৰ বাবে কি যোগ্যতা লাগিব সেই সম্পৰ্কে কোনো নিৰ্দেশনা নাছিল। ফলত বহু কেন্দ্ৰত শিক্ষাৰ সৈতে জড়িত নথকা ব্যক্তি, আনকি ষ্টেচনাৰীৰ দোকানীও নিৰীক্ষকৰ দায়িত্ব পালন কৰা বুলি অভিযোগ পোৱা গৈছে।

প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই

নানা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো কেনেকৈ প্ৰশ্নকাকত ভাইৰলে হ’ল সেয়া গভীৰ চিন্তাৰ বিষয়। এয়া যদি পৰীক্ষাৰ পূৰ্বেই ফাদিল হৈছে তেন্তে গোটেই পৰীক্ষা ব্যৱস্থাৰ গোপনীয়তা আৰু সুৰক্ষাৰ সম্পৰ্কত ডাঙৰ প্ৰশ্ন আৰু সন্দেহ উদয় হৈছে। ডি ৱাই এফ আইয়ে দাবী কৰিছে এই ঘটনা গুৰুত্বসহকাৰে লৈ এক উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰক। ইতিমধ্যে সমগ্ৰ ৰাজ্যখনতে এক সন্দেহ আৰু শংকা উদ্ৰেক হৈছে। চৰকাৰে প্ৰাৰ্থী আৰু ৰাইজক আস্বস্ত হ’ব পৰাকৈ তদন্তৰ মাজেৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd