“আলিফা” -অসমৰ চিনেমাৰ centre stage সলনি কৰা চিনেমাখন ৷ দীপ চৌধুৰীৰ “পৰিচালকৰ প্ৰথম চিনেমা” ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত এই চিনেমাখনৰ বিষয়ে আগতে কিছু লিখিছিলো ৷ এতিয়া বোধহয় থিয়েটাৰত মুক্তি দিয়া হ’ব ৷ দুটা মান কথা আৰু উনুকিয়াই দি, চলচ্চিত্ৰ ৰসিক ৰাইজৰ বাবে চলচ্চিত্ৰখন অৱশ্যেই চাব লগীয়া বুলি ভাবো ৷
অসমৰ চিনেমাৰ সম্পৰ্কে যি ধাৰণা মূলত মান্য ভাষাৰ উজনিৰ গাওঁ বা চহৰ গাৱঁৰ সংঘাত আদি তেনে ধৰণৰ প্লটেই চলি আহিছে ৷ সদ্যহতে কিছু চিনেমাই অসমৰ চিনেমাৰ paradigm shift কৰি পেলাইছে ৷ ভাষাগত আৰু প্লটগতভাৱে ৷ সেইকেইখন চিনেমাৰ লগত “আলিফা”ও পৰে ৷ ভাষা যে গুৰুত্বপূৰ্ণ উপাদান সেইটো স্বীকৃত হৈছে ৷ বহু আগতে “অদাহ্য”ত কামৰূপীয়া ব্যৱহাৰৰ চেষ্টা কৰা হৈছিল ৷ সেইটো চেষ্টা বুলি কম কিয়নো “অদাহ্য”ৰ Casting ত সম্পূৰ্ণ গণ্ডগোল আছিল ৷ বোধহয় নামনি অসমৰ শিল্পীৰ ব্যৱহাৰ নোহোৱাৰ বাবেই উজনিৰ অভিনয় শিল্পীৰ মুখত এই ভাষা তেনেকৈয়ে ফুটি নুঠিল ৷ এতিয়া বোধহয় আমিও যদি নলবাৰীৰ পটভূমিত চিনেমাএখন চাব খোজো তাৰ গাৱঁৰ ঘৰ এখনৰ পৰিয়ালে শিৱসাগৰীয়া কথা ক’লে আমি দৰ্শক হিচাপে নাকচ কৰি দিম বা Vice versa, এইটোৱে হ’ল চিনেমাৰ ক্ষমতা যাৰ ওচৰত আমি নতি স্বীকাৰ কৰো ৷
আৰু ইয়াৰ লগতে বিশ্বজনীন “চিনেমা ভাষা”ক আমি স্বাগতম জনাওঁ ৷ গতিকে এইটো অলপ উনুকিয়াই দিওঁ যে সাহিত্যৰে মান্য ভাষাৰ চৰ্চা নামনি অসমত কৰিলেও চিনেমাই কিন্তু ইয়াক নাকচ কৰি দিব ইয়াৰ নিজস্ব ব্যাকৰণৰ বাবেই ৷ সেইবাবেই “হান্দুক” বা “ভিলেজ ৰকষ্টাৰ” আমাৰ সাবলীল তথা প্ৰাণৱন্ত যেন লাগে ৷
আৰু এতিয়া অসমত ই established হৈ গৈছে যে অসমৰ বিভিন্ন জনগোষ্ঠীগত বা কথিত উপভাষাসমূহো গুৰুত্বপূৰ্ণ উপাদান চিনেমাৰ বাবে আৰু ইয়াক উলাই কৰিব পৰা নাযায় ৷ বৰঞ্চ ই গণতান্ত্ৰিকভাৱে বিকেন্দ্ৰীকৰণৰ জৰিয়তে অসমৰ প্ৰগতিশীল জাতীয় ভাবটোকেই শক্তিশালী কৰিব ৷ সেইয়া হ’ল অসমৰ সকলো ভাষাৰ প্ৰতি শ্ৰদ্ধা, সমান অধিকাৰ তথা অনুৰূপ ব্যৱহাৰ আৰু বিকাশ ৷ গতিকে ই “অসমীয়া” জাতিৰ বিকাশৰ ধাৰণাকেই বেছি প্ৰগতিশীল আৰু Spontaneous কৰি পেলাই আৰু চিনেমাই দেখুবাই দিছে ই হ’ল গণতান্ত্ৰিক অনুশীলন আৰু আমি “জাত্যভিমানী” বা উগ্ৰ জাতীয়তাবাদী হ’লেও শেষত “চিনেমা”ৰ ওচৰত নতি স্বীকাৰ কৰিব লগা হয় ৷ এইটো বুজিলেও হ’ল যে ওজোৰ চিনেমা ইমান বেচি জাপানীজ যে তাতোকৈ বেচি সাৰ্বজনীনভাৱে বিশ্বজনীনহে ৷
“আলিফা” কিছু পৰিমাণে এখন ৰাজনৈতিক চিনেমা ৷ আৰু খুব সম্ভৱ প্ৰথমবাৰৰ বাবে “মিঞা ” জনগোষ্ঠীক ইয়াত প্ৰটাগনিষ্ট হিচাপে অনা হৈছে ৷ ইয়েই অসমৰ চিনেমাৰ Centre stage সলনি কৰি দিছে আৰু অসমৰ চিনেমা গণতান্ত্ৰিকভাৱে বিকেন্দ্ৰীকৃত হৈছে ৷
“আলিফা” ৰাষ্ট্ৰীয় পুৰস্কাৰত ভাষা কেটেগৰিত বেংগলী বুলি আছে, যি দৰে “হান্দুক” মৰান ভাষাত ৷
গতিকে এই চিনেমাখনে সদ্যহতে “অসমীয়া” চিনেমা হিচাপে থকা বা চিনেমাক লৈ যি জাতীয়তাবাদী ঢৌ দেখা যায় সেইক্ষেত্ৰতেই Conflict লৈ আহিব ৷ আচলতে বেংগলী কেটেগৰীৰ হ’লেও এইখন চিনেমা সেই কলিকতীয়া বেংগলী ধৰণৰ নহয় ৷ ই স্পষ্টকৈ “মিঞা” জনগোষ্ঠীয় ভাষাৰ চিনেমা, মিঞা বুলি কলে মই এইটোৱে বুজাইছো আগতে যিখিনি মানুহক অভিবাসী মুছলিম, পমুৱা মুছলিম আদি সকলক কৈছিল , আজি কালি বোধহয় “মিঞা” এটি ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠী ৷ কথা হ’ল যদি কাৰবি, বড়ো, মৰাণ আদি জনগোষ্ঠীৰ চিনেমা হ’ব পাৰে তেনেহলে মিঞা জনগোষ্ঠীয় ভাষাৰ চিনেমাও হ’ব পাৰে ৷ কিন্তু নিশ্চিতভাৱে “মিঞা” ভাষাৰেই চলচ্চিত্ৰ যদিও ইয়াৰ আন বহু মাত্ৰাও আছে৷
এইটোও বোধগম্য যে এই জনগোষ্ঠীক লৈ, ইয়াৰ জৰিয়তে অহা বাংলাদেশী সমস্যাটো যেনেকৈ জড়িত কৰি পেলোৱা হয়, আৰু যি ধৰণৰ সামাজিক-মানসিক নিপীড়ন ভুগিব লগা হয় সেইখিনিও চিনেমাখনত প্ৰতিফলিত কৰা হৈছে ৷ ( যদিও ড° হীৰেন গোহাঁই ছাৰে তেওঁৰ এই চিনেমাখনক লৈ নতুন পদাতিকৰ লেখা এটাত অসমীয়া জাতীয়তাবাদক Defend কৰিছে ) কিন্তু মই ভাবো চিনেমাখনত আচল অৰ্থত সি “মিঞা” ফবিয়া তথা Humiliation খিনি সঁচা অৰ্থতেই উপস্থাপন কৰা হৈছে ৷
“আলিফা” আচলতে গুৱাহাটীলৈ মিঞা জনগোষ্ঠীৰ পৰিয়াল এটা আহি গুবাহাটীৰ চহৰৰৰ কাষৰ পাহাৰত অবৈধভাৱে বনাঞ্চলত থকা, আৰু তেওলোকৰ দৈনন্দিন সংগ্ৰামৰ প্লট ৷ “আলিফা”ই সদ্যহতে আমচাঙত হোৱা উচ্ছেদ বা এই পাহাৰত থকা মানুহখিনিৰেই কাহিনী ৷ একেদৰে ই শ্ৰেণী বিভাজন তথা চহৰলৈ Exodus কৰা শ্ৰমিক সকলৰ সংগ্ৰামৰ কাহিনীও ৷ এই conflict বোৰো দৰ্শকে “আলিফা”ত পৰিলক্ষিত কৰিব পাৰে আৰু নিজাববীয়া ৰাজনৈতিক সিদ্ধান্তও ল’ব পাৰিব, সেই বাবেই “আলিফা” হ’ল ৰাজনৈতিক চিনেমাও ৷ এইটোও স্পষ্ট হয় “আলিফা”ত জাতীয়তাবাদ, ধৰ্ম আদি এই কথাবোৰ এটা তৰপত থাকিলেও আচলতে এইবোৰ জীৱন সংগ্ৰামৰ যি মানৱীয় কাহিনী বা শ্ৰমিক সকলৰ শ্ৰেণীৰ ধাৰণাত ধুঁৱলী-কুঁৱলী হৈ গৈছে ৷
কিন্তু এই সকলো বোৰৰ ওপৰত “আলিফা” নামৰ এই কিশোৰী জনীক পৃথিবীৰ যিকোনো ঠাইৰ ছোৱালী যেনেই লাগিব ৷ তাই যিটো stranger দৃষ্টিভংগিৰে পাহাৰৰ ওপৰৰ পৰা গুৱাহাটীখনক দেখে আৰু এই গুৱাহাটীক লৈ যি তাইৰ সপোন সেই সপোন আজিৰ পৃথিৱীৰ বহু নিপীড়িত লোকৰ মাজৰ সৰু ছোৱালী এজনীৰেই সপোন ৷ আগতে কোনো অসমৰ চিনেমাটেই এই পাহাৰত থকা যি কোনো ঠাইৰ পৰা অহা ভগনীয়া শ্ৰমিক শ্ৰেণীটোৰ perspective ৰে অসমৰ মেইনষ্ট্ৰীমক উপস্থাপন কৰা দেখা নগৈছিল , সদায়েই অসমৰ চিনেমাত পৰিচিত “অসমীযা চকী টেবুল, চোফা, সংলাপ, বিশেষ tone ত উপস্থাপিত হৈছিল ৷ এই ভিন্ন নতুন ধৰণৰ perspective ৰ বাবেই “অসমীয়া” চিনেমাৰ তথাকথিত center stage shift হৈ গৈছে বুলিব পাৰি ৷ ই এতিয়া কেওফালৰ পৰা বিভিন্ন perspective ৰে চোৱা হৈছে যাৰ বাবে উগ্ৰ জাতীয়তাবাদী অভিমানত আঘাত লাগিবও পাৰে ৷
কিন্তু at the end চিনেমা হিচাপে “আলিফা” উত্তীৰ্ণ হৈ যায়, আলিফা নামৰ কিশোৰী গৰাকীৰ মানৱিক ৰূপটোৰ সৈতে দৰ্শক যি দৰে চিনেমেটিকেলি জড়িত হৈ পৰে এইটোৱে হ’ল “আলিফা”ত থকা চিনেমা ভাষাৰ নিজস্ব ৰূপ, চিনেমাৰ বিশ্বজনীন ভাষাৰ উদাহৰণো ৷
“আলিফা” ৰ প্লট আচলতে unusual বহু ক্ষেত্ৰত, গতিকে জাতীয় আৱেগ, জাতীয় প্ৰশ্ন, ক্লিচে ধৰ্মিতা এইসমূহৰ ওপৰত এনে ধাৰণা বা প্লট লোৱাটো অৱশ্যেই সাহসৰ কাম …কাৰণ প্লটবোৰ সাধাৰণতে চিনাকি বা ক্লিচে type ৰ দেখি থকা যায় ৷ সমুদ্ৰকাজল শইকীয়াই লিখিছে যে “হান্দুক” আৰু “সোণাৰ বৰণ পাখি” পৰিচালক দুয়ো নিজৰ চিনেমাৰ সম্পৰ্কত কয় যে ” তেওঁলোকে এটি কবিতাহে নিৰ্মাণ কৰিব খুজিছে “, এইটো এটা Escapism ৰ দৰে, অৰ্থাৎ তেওঁলোকে লোৱা বিষয়-বস্তুৰ প্ৰতক্ষ্য ৰাজনীতিৰ পৰা ইয়াক আঁতৰাই দি ফালৰি কটাৰ দৰে ৷
কিন্তু য়ৰোপ আদিত এইটো সম্ভৱ নহয় ৷ আৰু ৰাচিয়াতো টাৰক’ভস্কি, পাৰাজানভ, টুৰ্কীৰ ইলমাজ গুনে…আৰ্জেনটিনাৰ চলানাচ আদিৰ চিনেমা suppression বা ban হোৱাৰ পিছত এওঁলোকৰ চিনেমাৰ বৈধতা মানি লোৱা হৈছিল আৰু গোটেই পৃথিবীয়ে এতিয়া চাই আৰু তেওলোকৰ চিনেমাক মহত্ব দিয়া হৈছে ৷
“আলিফা”ৰ শেষৰ পিনে কিছু ৰোমান্তিজিম আহিছে যদিও চিনেমাখন চোৱাৰ পিছত চিন্তাশীল দৰ্শকে এই বিষয়ত খোৰাক পাব ৷ মই ভাৱো এই ধৰণৰ ৰোমান্তিচিজিম নাহিবৰ বাবেই কেতিয়াবা হয়তু বস্তুগত বিস্তৰ অধ্যয়নৰ জৰুৰী হয় চিনেমা নিৰ্মাণৰ বাবেও৷ “আলিফা”ৰ ক্ষেত্ৰত এই দুৰ্বলতাৰ পৰা আঁতৰিবৰ বাবে অনিল ৰায়চৈধুৰী, ড° প্ৰফুল্ল মহন্ত , ড° হীৰেন গোহাঁই সমাজ-অৰ্থনীতি বিষয়ক গুৰু-গম্ভীৰ লেখা সমূহৰ পাঠে সহায় কৰিলে হয় ৷
তথাপিও কিছু দুৰ্বলতাৰ সত্ত্বেও “আলিফা” হ’ল এক ব্যতিক্ৰমী প্ৰয়াস, সহজতে ল’ব নিবিচৰা বিষয়-বস্তুৰে ই এক approach and guts ৰ উদাহৰণ ৷