আলোচনাপন্থী আলফাৰ সকলো দাবী সঠিক, শান্তি আলোচনা চূড়ান্ত স্তৰত : আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই ঘোষণা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী ৰিজিজুৰ

Ulfa kiren rijiju

‘আলোচনাপন্থী আলফাৰ যিমান দাবী আছে সব সঠিক (genuine)’ আলফা (ULFA)ৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই আজি ৭ এপ্ৰিলত গুৱাহাটীত এইদৰে ঘোষণা কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

ভাৰত চৰকাৰ আৰু আলফাৰ শান্তি আলোচনাৰ ক্ষেত্ৰত আশাব্যঞ্জক বাৰ্তা প্ৰেৰণ কৰি গুৱাহাটীত এক সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাপন্থী আলফা আৰু ভাৰত চৰকাৰৰ শান্তি আলোচনা চূড়ান্ত স্তৰত আছে।

অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত যোৱা আলোচনাপন্থী আলফাসকলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু ৰিজিজুক লগ কৰাৰ সময়ত আলফাৰ সকলো দাবী ‘সঠিক’ বুলি ভাৰতৰ গৃহ মন্ত্ৰ্যালয়ে মানি লোৱা বুলি উল্লেখ কৰি ৰিজিজুৱে কয় যে ‘সঠিক হোৱা বাবেই’ আলফাই তোলা ‘সকলো দাবী নীতিগতভাৱে মানি লৈ সেইসমূহৰ চূড়ান্ত ৰূপ দিয়া বাবে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে’।

সেয়ে চূড়ান্ত চুক্তি বা ঘোষণাৰ কাম বেছি পলম হ’ব নালাগে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

এন ই নাও-এ কৰা কিৰেন ৰিজিজুৰ সংবাদমেলৰ ফে’ছবুক লাইভ ভিডিঅ’ চাবলৈ ইয়াত ক্লিক কৰক।

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰত ৰাজ্যৰ আন এটা দল এন ডি এফ বি (প্ৰগতিশীল)এ শান্তি আলোচনাত অনাহক পলম হৈ থকা বুলি কৰা মন্তব্য সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীজনে কয় যে এন ডি এফ বিৰ সৈতেও ‘এক গ্ৰহণযোগ্য সমাধান উলিয়াবৰ বাবে চেষ্টা কৰি থকা হৈছে’। কিন্তু বডোসকলৰ বেলেগ বেলেগ দলৰ দাবীসমূহ বেলেগ বেলেগ হোৱা বাবে মন্ত্ৰীজনে তেওঁলোকক ‘ঐক্যবদ্ধ’ হ’বলৈ আহ্বান জনোৱা বুলি জানিবলৈ দিয়ে।

এন ডি এফ বিক অসম চৰকাৰক আস্থাত লৈ আগবাঢ়িবলৈ আহ্বান জনোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এই ক্ষেত্ৰত সমাধানসূত্ৰ উলিওৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ লগত আলোচনা কৰিহে আগবাঢ়িব।